জুবিনৰ সৈতে সংঘাত থকা ৰাজ্যৰ একমাত্ৰ ৰাজনীতিকজনেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা — এইয়া কোনো কংগ্ৰেছ নেতাৰ কথা নহয়৷ এইয়া প্ৰকাশ কৰিলে খোদ জেষ্ঠ্য বিজেপি নেতা ৰাজেন গোহাঁইয়ে৷
আনুষ্ঠানিকভাৱে বিৰোধী আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰিয়েই ৰাজেন গোহাঁইয়ে একপ্ৰকাৰৰ বিতৃষ্ণা প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাৰ প্ৰতি৷মুখ্যমন্ত্ৰীৰ একান্তই অনুগত ন-বিজেপিসকলৰ সৈতে মুকলি সংঘাতব বাবেই বিজেপি ত্যাগ কৰা ৰাজ্যিক বিজেপিৰ অন্যতম প্রতিষ্ঠাপক ৰাজেন গোহাঁয়ে আজি অজাপত যোগদান কৰিয়েই প্রাণৰ শিল্পী জুবিন গাৰ্গক মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই যে ন্যায় প্রদান কৰিব তাত গভীৰ সন্দেহ প্রকাশ কৰে। ৰাজেন গোহাঁয়ে কয় যে ‘প্রাণৰ শিল্পী জুবিন গাৰ্গক লৈ মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই বেবেৰিবাং কথা কৈ অসমৰ মানুহক ঠগিব বিচাৰিছে। মুখ্যমন্ত্রী ইফালে গৈছে, সিফালে গৈছে- জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ পুৱা এটা, দুপৰীয়া এটা, নিশা আন এটা অসংলগ্ন বেবেৰিবাং কথাৰে অসমবাসীক ক’লৈ নি আছে তেওঁহে জানে। জুবিন গাৰ্গৰ প্রতি মুখ্যমন্ত্রীৰ অলপমানো সদ্ভাৱনা থকা হ’লে শিল্পীগৰাকীৰ মৃত্যুৰ পিচত গছকেইডাল নাকাটিলেহেঁতেন। জুবিনে গছ কটাটো বেয়া পাইছিল। জুবিনৰ মৃত্যুৰ স্মৃতি হিচাপে মুখ্যমন্ত্রীয়ে সংৰক্ষণ কৰি ৰাখিব পাৰিলেহেঁতেন। জুবিন ক্ষেত্রত এছ অ’পি জাৰি কৰি মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গক লৈ ৰাজ্যত সৃষ্টি হোৱা আবেগৰ ধল ঢাকি ৰখাৰ অপচেষ্টা কৰিছে। মুখ্যমন্ত্রীয়ে জুবিনক যে সঁচাকৈয়ে ভাল পায়, তাৰ তেওঁ এটাও প্রমাণ দিব পৰা নাই। জুবিন গার্গে যে ন্যায় পাব মোৰ সন্দেহ আছে। জুবিন গাৰ্গৰ সৈতে সংঘাত থকা ৰাজ্যৰ একমাত্র ৰাজনীতিকজনেই মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা। প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতেও জুবিন গাৰ্গব সদ্ভাৱ থকাটো আমি দেখিছিলো। অসমৰ আন কোনো ৰাজনীতিকৰ সৈতে জুবিন গাৰ্গৰ সংঘাত নাছিল। ২০২৬ চনৰ নির্বাচনত ৰাইজে কেতিয়াও বিজেপিক আদৰি নলয়। সপোনতো এতিয়া অসমৰ ৰাইজৰ এটাই দুশ্চিন্তা— অহা নির্বাচনত হিমন্ত বিশ্ব শর্মা আকৌ মুখ্যমন্ত্রী হৈ আহিব নেকি? হিমন্তবিশ্বৰ ভয়ত মানুহ শুব নোৱাৰে। গতিকে ৰাইজে যাতে আকৌ ভুল নকৰে।’ এই কথা প্রকাশ কৰি বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিজনে, মুখ্যমন্ত্ৰীয়ে হিন্দু মানুহক ভয় খুৱাবলৈ মুখ্যমন্ত্রীয়ে মুছলমানৰ নাম অপব্যৱহাৰ কৰে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে। ৰাজেন গোহাঁয়ে কয়- ‘বিজেপিৰ হিন্দুত্ববাদ ভুৱা। হিন্দু মানুহক ভয় খুৱাবলৈ মুখ্যমন্ত্রীয়ে মুছলমানৰ নাম ব্যৱহাৰ কৰে। সমাজত বিজেপিয়ে নিজেই মানুহৰ মাজত কাজিয়া লগায়। মুছলমানৰ গাত বদনাম জাপি দিয়ে। বিজেপি ভুৱা হিন্দুত্ববাদৰ ওপৰত প্রতিষ্ঠিত। এনে ৰাজনীতি বেছিদিন নচলে। অসম বিজেপিত অৱহেলিত হৈ থকা সকলো সাহসেৰে ওলাই আহক। বিজেপি আৰু কেতিয়াও ক্ষমতালৈ আহিব নোৱাৰে।’ ইফালে দুশতকৈও অধিক কর্মকর্তাই আজি ৰাজেন গোহাঁইৰ সৈতে অসম জাতীয় পৰিষদত যোগদান কৰা দেখা যায়। টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি তথা বিজেপিৰ মজদুৰ মৰ্চাৰ কেন্দ্রীয় সম্পাদক ৰাজকুমাৰ – চেতিয়া, হিন্দু ক্রান্তি দলৰ কাৰ্যকৰী সভাপতি ডাঃ সিদ্ধার্থ শৰ্মা, শোণিতপুৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ উপ-সভাপতি জ্যোতিপ্রসাদ নাথ, অৱসৰপ্ৰাপ্ত অভিযন্তা আব্দুল জলিল আহমেদ আদিয়েও আজি অজাপৰ সদস্য পদ গ্রহণ কৰে।
জুবিনৰ সৈতে সংঘাত থকা একমাত্ৰ ৰাজনীতিকজনেই হিমন্ত বিশ্ব শৰ্মা