নতুন দিল্লী: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বুধবাৰ (ডিচেম্বৰ ৩) লোকসভাত সংগীতশিল্পী-সংগীত পৰিচালক জুবিন গাৰ্গৰ মৃত্যুক লৈ গুৰুত্বপূর্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ সুধে—“ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানত জুবিন গাৰ্গক কেনেকৈ ছিঙাপুৰত ‘হত্যা’ কৰা হ’ল?” গগৈয়ে লগতে জুবিন গাৰ্গক মৃত্যুৰ পাছত ভাৰতৰত্ন বীৰবৰুৱা উপাধি প্ৰদান কৰিবলৈ আহ্বান জনায় আৰু তেওঁৰ মৃত্যুৰ বিচাৰ দাবী কৰে।
জিৰো আওাৰত ভাষণ দিওঁতে যোৰহাটৰ সাংসদ গগৈয়ে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যও উল্লেখ কৰে য’ত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক “হত্যা” বুলি কোৱা দেখা গৈছিল।
গগৈয়ে কয়,
“অসমৰ এগৰাকী মহান পুত্ৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজিৰ সংসদত মই শ্রদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গ এজন কিংবদন্তী সংগীতজ্ঞ আছিল। ছেপ্টেম্বৰ মাহত তেওঁ ছিংগাপুৰত মৃত্যুবৰণ কৰে, যেতিয়া তেওঁ ভাৰতৰ বিদেশ মন্ত্রালয় আৰু ছিংগাপুৰস্থিত ভাৰতীয় উচ্চ আয়োগে আয়োজিত এখন অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ গৈছিল।”
তেওঁ লগতে যোগ কৰে,
“অসমবাসীয়ে তেওঁৰ অভাৱ কঠিনভাৱে অনুভৱ কৰিছে। আমি তেওঁৰ বিচাৰ বিচাৰিছোঁ। যেতিয়া অসম চৰকাৰে কয়—ই এটা হত্যা; তেন্তে আমি জানিব বিচাৰোঁ—ভাৰত চৰকাৰে আয়োজন কৰা এখন অনুষ্ঠান চলি থকা অৱস্থাত বিদেশী মাটিত কেনেদৰে হত্যা সংঘটিত হ’ব পাৰিল?”
১৯ ছেপ্টেম্বৰ, ছিংগাপুৰৰ এখন ইয়ট ভ্ৰমণৰ সময়তে,Northeast festival ত লাইভ পাৰফৰ্মেঞ্চৰ এক দিন পূৰ্বে, জুবিন গাৰ্গৰ মৃত্যু ঘটে। এই উৎসৱটোৰ পৃষ্ঠপোষকতা কৰে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও মন্ত্ৰালয়ে আৰু উত্তৰ-পূৱৰ প্ৰায় সকলো ৰাজ্য চৰকাৰেও উৎসৱটোক সহায়-সমৰ্থন দিয়ে।
উৎসৱৰ প্ৰধান আয়োজক শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে। অসম চৰকাৰে মহন্ত আৰু তেওঁৰ সংগঠনৰ ওপৰত ৰাজ্যত কোনো অনুষ্ঠান আয়োজন, চৰকাৰী সহায়-সমৰ্থন অথবা কৰ্মসূচী গ্ৰহণত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে।
পাছৰ মাহত অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ঘটনাটোক “একদম সাধা-সিধা হত্যা” বুলি বৰ্ণনা কৰিছিল। ৰাজ্য চৰকাৰে ইতিমধ্যে এই ঘটনাৰ বিস্তাৰিত অনুসন্ধানৰ বাবে এখন বিশেষ তদন্ত দল (SIT) গঠন কৰিছে।
গগৈয়ে সংসদত উল্লেখ কৰে—
“জুবিন এজন শিল্পী, মানবতাবাদী, পৰিৱেশপ্ৰেমী, বন্যপ্ৰাণীৰ সুৰক্ষাকাৰী আৰু বহুল বই পঢ়া চিন্তা-শীল ব্যক্তি আছিল। আশীৰ দশক আৰু নব্বইৰ দশকত তেওঁ অসমবাসীক আশা দিছিল। শেহতীয়াকৈ তেওঁ আমাক নৈতিক সাহস আৰু মানসিক বল দিছিল। ব্যক্তিগত আঘাত কেনেকৈ অতিক্ৰম কৰিব আৰু ধৰ্ম-জাতিৰ ভিত্তিত বিভাজনৰ বিপক্ষে কেনেদৰে দঁহৰি উঠিব—সেই পাঠ জুবিনে আমাক শিকাইছিল। সত্যই, অসম মানে চাহ, তেল, একশৃঙ্গ গড় আৰু জুবিন গাৰ্গ। তেওঁ দেখুৱাইছিল ‘বৰ অসম’ৰ এটা দৰ্শন—যি ঘৃণা, ভয়, সন্দেহ আৰু অবিশ্বাসৰ পৰা মুক্ত। আজিও অসমবাসীয়ে তেওঁক গভীৰভাবে মনত পেলাই |”
অসম কংগেছ দলৰ সভাপতি গগৈয়ে উপসংহাৰত কয়—
“আমাৰ দাবী—জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্ণ বিচাৰ। লগতে, ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰক।”