অসমত বিজেপিৰ ভৱিষ্যতক লৈ চিন্তিত আৰ এছ এছ ! তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মোহন ভাগৱত

অসমত বিজেপিৰ ভৱিষ্যতক লৈ চিন্তিত আৰ এছ এছ !  তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মোহন ভাগৱত

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত। ১৭ নৱেম্বৰত গুৱাহাটীত উপস্থিত হ’বহি আৰ এছ এছৰ মুৰব্বীগৰাকী। ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰ এছ এছৰ মুৰব্বীগৰাকীৰ এই অসম ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ।
ৰাজ্যখনত বিজেপিৰ গণভিত্তিক লৈ চিন্তিত আৰ এছ এছ৷ শেহতীয়াকৈ আৰ এছ এছে ৰাজ্য চৰকাৰৰ কাম- কাজৰ ওপৰত চোকা দৃষ্টি ৰখা লগতে তৃণমূল পৰ্যায়ত বিজেপিৰ পূৰ্বৰ শক্তিশালী স্থিতিক লৈ সন্ধিহান নাগপুৰ। তেনে প্ৰেক্ষাপটত একপ্ৰকাৰৰ চৰজমিন পৰ্যালোচনা কৰিবৰ বাবে মোহন ভাগৱতৰ এই অসম ভ্ৰমণ বুলি জানিব পৰা গৈছে।
ভ্ৰমণকালত তেওঁ আৰ এছ এছৰ বহু সংখ্যক ন- পুৰণি লোকক সাক্ষাৎ কৰিব। তেওঁলোকৰ পৰা চৰকাৰৰ কাম- কাজৰ খতিয়ানো ল’ব ভাগৱতে। ইফালে আৰ এছ এছৰ বিভিন্ন প্ৰান্তত থকা শ্লীপাৰ চেলৰ নেতা- কৰ্মীক বিজেপিয়ে গুৰুত্বহীন কৰি তোলাৰ অভিযোগ আছে। সেই সকলকো বিধানসভা নিৰ্বাচনৰ পূৰ্বে অধিক সক্ৰিয় কৰি তুলিবলৈ মোহন ভগৱতৰ এই অসম ভ্ৰমণে ভূমিকা পালন কৰিব।
প্ৰয়োজনত আৰ এছ এছৰ লগতে বিজেপিৰ সাংগঠনিক দিশত সাল-সলনি কৰাৰো সিদ্ধান্ত ল’ব পাৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে। তিনিদিনীয়া এই অসম ভ্ৰমণত বিশেষ কোনো অনুষ্ঠানত অংশ নলয় মোহন ভাগৱতে।

Leave a Comment