বিহাৰৰ যুৱ ভোটাৰসকলক ‘জেন-জি’ৰ (Gen Z) ভাই-ভনী আখ্যা দি বৃহস্পতিবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ পূৰ্বে দায়িত্বশীলভাৱে ভোটদান কৰি গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত গান্ধীয়ে কয়, ” আজি কেৱল ভোটদানৰ দিন নহয়, বিহাৰৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দিন। আপোনালোকৰ বহুতেই প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। এয়া কেৱল আপোনালোকৰ অধিকাৰ নহয়, গণতন্ত্ৰত আপোনালোকৰ আটাইতকৈ ডাঙৰ দায়িত্ব।”
তেওঁ যুৱ ভোটাৰসকলক বৃহৎ সংখ্যক ভোটদান আৰু বিৰোধী মিত্ৰজোঁটক সমৰ্থন কৰিবলৈ আহ্বান জনায়। গান্ধীয়ে পূৰ্বৰ “ভোট চুৰি”ৰ অভিযোগ পুনৰবাৰ উল্লেখ কৰি দাবী কৰে যে হাৰিয়ানা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো একেধৰণৰ ঘটনা সংঘটিত হৈছে।
তেওঁ ভোট কেন্দ্ৰত হোৱা প্ৰতিটো ষড়যন্ত্ৰ তথা জালিয়াতিৰ প্ৰতি সজাগ হ‘বলৈ আহ্বান জনায় আৰু কয় যে গণতন্ত্ৰৰ সৰ্বাধিক শক্তি হ’ল সচেতন নাগৰিক, গতিকে বিহাৰৰ ভৱিষ্যত আপোনাৰ হাতত। উল্লেখ্য যে ইয়াৰ পূৰ্বে গান্ধীয়ে হাৰিয়ানাত ভোটাৰ জালিয়াতিৰ অভিযোগক ভাৰতৰ গণতন্ত্ৰৰ ওপৰত ‘মৌলিক আক্ৰমণ’ বুলি অভিহিত কৰিছিল।
ৰাহুল গান্ধীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে গান্ধীক “ফেব্ৰিকেটেড” (মিছা) দাবীৰে “জেন-জিক বিপথে পৰিচালিত আৰু উচটনি” দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। ৰিজিজুৱে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে “প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দৃঢ়তাৰে থিয় দিছে”।
বিহাৰ নিৰ্বাচনৰ ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াক লৈ শাসকীয় এনডিএ (NDA) আৰু বিৰোধী দলসমূহৰ মাজত তীব্ৰ বিতৰ্কৰ পৰিস্থিতি সৃষ্টি হৈছে। বিৰোধীয়ে অভিযোগ কৰিছে যে এই প্ৰক্ৰিয়াৰ লক্ষ্য হৈছে তেওঁলোকৰ সমৰ্থন হ্ৰাস কৰা। যদিও নিৰ্বাচন আয়োগে এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে, ইতিমধ্যে বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।
বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান ১১ নৱেম্বৰত অনুষ্ঠিত হ‘ব, আৰু ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।
বিহাৰৰ জেন -জিক কি ক’লে ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ মাজতে ভোট চুৰিৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান