মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসন্তুষ্ট ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজিত প্ৰতিবাদ

মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসন্তুষ্ট ছাত্ৰমুক্তি সংগ্ৰাম সমিতি   জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজিত প্ৰতিবাদ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বঙালমাৰী আঞ্চলিক সমিতিৰ  উদ্যোগত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ সহযোগত দেওবাৰে সন্ধিয়া ৬ বজাত ধেমাজি বঙালমাৰী গাঁৱৰ পৰা দূসূতিমুখলৈকে অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক ৰাইজে অগ্নি শিখা সমদল কৰে ৷ কাৰ্যসূচীৰ অন্তত স্হলীতে এখনি প্ৰতিবাদীও অনুষ্ঠিত হয় ৷
প্ৰতিবাদী সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ  মুখ্য সাংগাঠনিক সম্পাদক আকাশ দলেয়ে উপস্থিত থাকি বক্তব্যত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যাকাৰী সকলক চিনাক্ত শীঘ্ৰেই ফাষ্টটেক আদালতৰ জৰিয়তে হত্যাকাৰীক ফাঁচী  অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ বিহিবলৈ দাবী জনায় ৷
বক্তব্যত দলেয়ে কয় যে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ঘটনাটো কিয় ? চি বি আইক তদন্ত কৰিবলৈ  দিবলৈ ভয় কৰিছে , ইয়াক লৈ  বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে বুলিও তেওঁ অভিযোগ  কৰে ৷ ঘটনাটো পানী নসকাকৈ তদন্ত কৰি ইয়াৰ প্ৰকৃত দোষী সকলক  শাস্তি দাবী তেওঁ জনায় ৷
সভাত ছাত্ৰ  মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অনিল  বনিয়া , জাতীয় যুৱ বাহিনী কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ ভুঞা , কৃষক মুক্তিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন হালৈ , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি কাৰ্য্যকৰী সভাপতি যুগল গগৈ , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  উজ্জ্বল চুতীয়া , অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া,ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰ নৱদ্বীপ বৰগোহাঁই , চিচিবৰ গাঁও বিধান সভাৰ সমষ্টিৰ সাধাৰণ অতনু  চেতিয়াই উপস্থিত থাকে ৷

Leave a Comment