শেহতীয়াকৈ অসমৰ ৰাজনীতিত বাৰে বাৰে সমালোচিত হৈছে মন্ত্ৰী অশোক সিংহালৰ নাম৷ ট্ৰাইবেল বেল্টত মাটিৰ পিছত এইবাৰ বিহাৰ নিৰ্বাচনৰ পিছতে চ’চিয়েল মিডিয়াত ফুলকবিৰ ফটো আপলোড মন্ত্ৰীজনৰ৷
এইবাৰ নিজৰ দায়িত্ব পালন নকৰা অথচ, চ’চিয়েল মিডিয়াত এক্টিভ এইজনা মন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে৷অশোক সিংহালৰ কৰ্মকাণ্ডক সমালোচনা কৰি গৌৰৱ গগৈয়ে নিজৰ চ’চিয়েল মিডিয়াত লিখে যে— বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত অসমৰ এজন কেবিনেট মন্ত্ৰীয়ে যিদৰে বিহাৰৰ ‘ফুলকবি খেতি’ৰ পথাৰৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত এক ইংগিতধৰ্মী আপডেট দিছে ই ৰাজনৈতিক নৈতিকতাৰ বাবে দূৰ্ভাগ্যজনক। ই এক নিন্দনীয় আৰু লজ্জাজনক ঘটনা।
১৯৮৯ চনত ভাগলপুৰ হিংসাত ১১৬ গৰাকী মুছলমানক হত্যা কৰি তাৰ প্ৰমাণ লুকুৱাবলৈ তেওঁলোকৰ কবৰৰ ওপৰত ফুলকবিৰ খেতি কৰি ঢাকি দিয়া ঘটনাটোৰ বাবে এই ফটোখন বহুলভাবে চৰ্চিত।
এনে দুঃখজনক ঘটনাক এনে ধৰণে দাঙি ধৰাটোৱে এইটোৱেই বুজাই যে কিছুমান মানুহে ৰাজনৈতিক জীৱনত কিমান নিম্নস্তৰলৈ নামিব পাৰে।
মন্ত্ৰীগৰাকীৰ এই মানসিকতা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰদ্বাৰা প্ৰভাৱিত। কাৰণ, মুখ্যমন্ত্ৰীৰ কথা আৰু কৰ্মকাণ্ডৰ পৰা প্ৰমাণ হয় যে তেওঁৰ মনত ভাৰতীয় সংখ্যালঘু জনগণৰ প্রতি ঘৃণাভাৱ আছে। কিন্তু এইয়া অসমৰ প্ৰকৃত মূল্যবোধৰ ছবি নহয়।
অসম হৈছে মহাপুৰুষ শংকৰদেৱ, লাচিত বৰফুকন আৰু আজান পীৰৰ পবিত্ৰ ভূমি। মোৰ বিশ্বাস, অহা বছৰত অসমবাসীয়ে ঘৃণা আৰু প্ৰলোভনৰ শাসন শেষ কৰিব।
ৰাজনৈতিক জীৱনত একেবাৰে নিম্নস্তৰলৈ নামিছে অশোক সিংহাল! গৌৰৱ গগৈৰ সমালোচনা