অতি কম দিনৰ ভিতৰতে অসমৰ ৰাজনীতিলৈ আহিব পাৰে এক অভাৱনীয় পৰিৱৰ্তন৷ জাঁহ যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গাদী৷ চকীৰ লোভত হিমন্ত বিশ্বই নানা ৰাজনীতি কৰিলেও শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে হ্ৰাস পাইছে তেওঁৰ জনপ্ৰিয়তা৷ প্ৰজাইও তেওঁৰ মুখাৰ আঁৰৰ মুখখন দেখিছে আৰু ইমান দিনে ভয় বন্দী জনতাই এতিয়া ভয় পাহৰি বুজিছে মামাৰ নিকৃষ্ট ৰাজনীতি৷
এই ক্ৰমাৎ জনপ্ৰিয়তা হ্ৰাসে প্ৰভাৱ পেলাব হিমন্তৰ ৰাজনৈতিক কেৰিয়াত৷ সূত্ৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত।সেয়ে হিমন্তক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱাৰ কুচকাৱাজ আৰম্ভ হৈছে বিজেপি কেন্দ্ৰীয় নেতৃত্বত মাজত৷
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰাৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই এই সংকেত লাভ কৰাৰ পাছত সঘনাই দিল্লীলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিছে বুলি বহুতে চৰ্চা চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ তাত-বাতি কৰিও বিফল মুখ্যমন্ত্ৰী শৰ্মা।
শেহতীয়াকৈ দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সূত্ৰৰ মাজত চলা চৰ্চা মতে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
কিন্তু সহজে এৰা ভকতো নহয় হিমন্ত বিশ্ব৷ গতিকে বৰ্তমান বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ লাভ কৰিবলৈ পুনৰ দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে দুদিনমান পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে। সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত। এই প্ৰতিবেদন লাভ কৰাৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এই নিৰ্দেশ পাই শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিয়ে তেওঁৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাকেই মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে বুলি সূত্ৰই দাবী কৰিছে। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱ নাকচ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰী হ’লেহে ২০২৬ত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে। বিফল মনোৰথেৰে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমলৈ উভতি আহে। মঙলবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎৰ বাবে দিল্লী যাব হিমন্ত বিশ্ব শৰ্মা। পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ দিয়ে নিদিয়ে সেয়া লক্ষণীয় হ’ব। আৰু হিমন্ত বিশ্বই যে চকী হেৰুৱাব সেইয়া প্ৰায় নিশ্চিত৷