চুৰি ভোটেৰে বিহাৰত চৰকাৰ গঠনৰ চেষ্টা বিজেপিৰ

চুৰি ভোটেৰে বিহাৰত চৰকাৰ গঠনৰ চেষ্টা বিজেপিৰ

কংগ্ৰেছ নেতা প্ৰিয়াংকা গান্ধীয়ে বুধবাৰে অভিযোগ কৰে যে NDA-এ ‘ভোট চুৰি’ৰ জৰিয়তে বিহাৰত চৰকাৰ গঠন কৰিবলৈ বিচাৰিছে৷লগতে তেখেতে দাবী কৰে যে SIR-ৰ জৰিয়তে মহিলা সহ ৬৫ লাখৰো অধিক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা মচি দিয়া হৈছে।পশ্চিম চম্পাৰণ জিলাৰ বাল্মীকি নগৰ বিধানসভা আসনৰ এখন ৰেলীত ভাষণ দিয়া সময়ত প্ৰিয়ংকা গান্ধীয়ে কৰিছিল যে দেশৰ বৰ্তমান পৰিস্থিতি ব্ৰিটিছৰাজৰ দৰে আৰু সন্দেহ প্ৰকাশ কৰিছিল যে দেশত ভৱিষ্যতে নিৰ্বাচন অনুষ্ঠিত হ’ব নে নহ’ব!
লগতে তেওঁ শেহতীয়াকৈ ভাতৃ ৰাহুল গান্ধীয়ে উন্মোচিত কৰা হাৰিয়ানাৰ ভোট চুৰিৰ প্ৰসংগও অৱতাৰণা কৰে৷
উত্তৰৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচনত ব্যাপক অনিয়মৰ লোকসভাৰ বিৰোধী দলপতিৰ অভিযোগৰ প্ৰতি ইংগিত দিয়ে।
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ এদিন পূৰ্বে ৰাহুল গান্ধীয়ে তেওঁৰ ভোট চুৰিৰ অভিযোগৰ সমৰ্থনত এক সংবাদমেল সম্বোধন কৰিছিল। সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে হাৰিয়ানাৰ প্ৰায় ২৫ লাখ ভোটাৰ নকল, অস্তিত্বহীন বা হেৰফেৰ কৰা হৈছে বুলি তেওঁৰ দলৰ ওচৰত “১০০ শতাংশ” প্ৰমাণ আছে।

লগতে তেওঁ কয়—“আমাৰ ওচৰত ‘H’ ফাইলৰ প্ৰমাণ আছে ৷আমাৰ সন্দেহ আছিল যে এইটো কেৱল ব্যক্তিগত, সাংসদীয় আসনত নহয়৷  ভোট চুৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সংঘটিত হৈছে।
ৰাহুল গান্ধীৰ এই মন্তব্যই এতিয়া সমগ্ৰ দেশতে প্ৰভাৱ পেলাইছে৷ যি  ভাৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি আমি গৌৰৱ কৰোঁ,সেইসময়ত এনে পৰিস্থিতি কাৰো কাম্য নহয়৷ ভাৰতীয় জনতা মোডীৰ নিকৃষ্ট ৰাজনীতিৰ সৈতে ইতিমধ্যে পৰিচিত কিন্তু আমাৰ মূল্যৱান ভোটিটিৰ সৈতেও এনে অসাংবিধানিক কাৰ্য সংঘটিত কৰিব বুলি কোনোও অনুমান কৰিব পৰা নাছিল৷ইয়াৰ পূৰ্বে প্ৰতিবাৰেই নিৰ্বাচনী আয়োগে বিজেপিৰ ঢাল হিচাপে কাম কৰি আহিছে৷ কিন্তু পুনৰ সেই একেই ভূমিকা পালন কৰিব নে প্ৰকৃতাৰ্থত নিৰপেক্ষ ভূমিকা পালন কৰি দেশত নিকা নিৰ্বাচন অনুষ্ঠিত হোৱাত সহায় কৰিব সেইয়াহে লক্ষণীয় হ’ব৷

Leave a Comment