এতিয়া যেন গৌৰৱ গগৈৰ উত্থানে ভয় খুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ সেয়েহে গৌৰৱ গগৈৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰিবলৈ সুযোগ নেৰে হিমন্ত বিশ্বই৷ শেহতীয়াকৈ “ভয় খুৱাবলৈ” মুখ্যমন্ত্ৰীয়ে চৰকাৰী ব্যৱস্থাক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে৷
লগতে অসমত মুখ্যমন্ত্ৰীয়ে “জনসাধাৰণৰ গ্ৰহণযোগ্যতা হেৰুৱাইছে” বুলি দাবী কৰে বিৰোধী নেতাগৰাকীয়ে৷
কিছুদিনৰে পৰা মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈ “বিদেশী শক্তিৰ দ্বাৰা নিয়োজিত কৰা, পাকিস্তানী এজেণ্ট,” ফটা ঢোল কোবাই আছে বুলি ৷
কিন্তু এনে অভিযোগৰ নাই কোনো ভিত্তি৷ এই অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে এই অভিযোগ গগৈয়ে তৎক্ষণাত খাৰিজ কৰি মুখ্যমন্ত্ৰীক নিজৰ পদত অৰ্জন কৰিবলৈ “অযোগ্য” বুলি অভিহিত কৰিছিল। তাৰপিছতে হোৱা আন এক কথা কটাকটিৰ অংশ হিচাপে গগৈয়ে মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰে।
গগৈয়ে কয় যে , ‘মুখ্যমন্ত্ৰীৰ বাবে ১০ ছেপ্টেম্বৰ ইতিমধ্যে ফ্লপ হৈ পৰিছে। মোৰ বিৰুদ্ধে কোনো প্ৰমাণ উত্থাপন কৰাত ব্যৰ্থ হৈছে।তেওঁৰ বিৰাট দাবী সত্ত্বেও সেইদিনা কোনো গুৰুত্বপূৰ্ণ কথা ক’ব পৰা নাছিল।’
কংগ্ৰেছৰ সাংসদগৰাকীয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে এতিয়া অসমত কংগ্ৰেছৰ ক্ৰমবৰ্ধমান শক্তিক লৈ ভয় খাইছে৷
লগতে এক বিশেষ সতৰ্কবাণীত গগৈয়ে পৰৱৰ্তী নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীৰ অন্ধকাৰ ভৱিষ্যতৰ ভৱিষ্যদ্বাণী কৰে। গগৈয়ে সকীয়াই দিয়ে যে, ‘যেতিয়া সেই দিন আহিব তেতিয়া গৃহ বিভাগ আৰু তেওঁৰ নিয়ন্ত্ৰণত নাথাকিব। তেওঁ বহু দেৰি হোৱাৰ আগতেই নিজৰ কথা আৰু কাম শুধৰাই ল’ব লাগে, নহ’লে ডুবাই বা ছিংগাপুৰ হ’ব পাৰে তেওঁৰ একমাত্ৰ আশ্ৰয়।
কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মৃত্যুক হোৱা বিতৰ্কক লক্ষ্য কৰি গগৈয়ে মুখ্যমন্ত্ৰী আৰু বিশেষ তদন্তকাৰী দলে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয়, ‘এছ আই টি তথ্য লুকুৱাই ৰখা আৰু বিকৃত কৰাৰ আহিলাত পৰিণত হৈছে। ঘটনাৰ এমাহৰ পাছতো জুবিনৰ পৰিয়াল বা তেওঁৰ অনুৰাগীক সত্যটো জানিবলৈ দিয়া হোৱা নাই। তদন্ত বিভ্ৰান্তিকৰ আৰু দিকভ্ৰান্ত যেন লাগে।’
শুকুৰবাৰে মুক্তি পোৱা জুবিন গাৰ্গৰ শেষ ছবি “ৰৈ ৰৈ বিনালে”ৰ প্ৰিমিয়াৰ নোচোৱাৰ বাবেও মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা কৰে।
তেওঁ কয়, ‘কালি অসমৰ জনসাধাৰণ চিনেমা হলত আছিল, কেৱল মুখ্যমন্ত্রীকহে দেখা নগ’ল৷ এইটোৱে তেওঁৰ কাশ্মীৰ ফাইলছ চাবলৈ দিয়া পূৰ্বৰ নিৰ্দেশৰ বিপৰীত স্থিতিকে সূচায়।‘
শুকুৰবাৰে মুখ্যমন্ত্ৰী শৰ্মাই ব্ৰিটিছ পত্নীৰ জৰিয়তে লিংক থকা “পাকিস্তানী এজেণ্ট” বুলি উত্থাপন কৰি নতুনকৈ তোলা অভিযোগৰ গগৈয়ে প্ৰত্যুত্তৰ দি দাবী কৰে যে এনে মন্তব্যই কেৱল শৰ্মাই নিজৰ পদত অধিষ্ঠিত হ’ব থাকিবলৈ “অযোগ্য” বুলিহে দেখুৱাইছে।
গগৈয়ে দৃঢ়তাৰে কয়, ‘আমি ৰাজতন্ত্ৰ নহয়, গণতন্ত্ৰত বাস কৰোঁ। মুখ্যমন্ত্ৰীয়ে নিজকে ৰজা বুলি ভাবে আৰু ভয়ৰ দেখুৱাই শাসন কৰিবলৈ চেষ্টা কৰে। কিন্তু অসমৰ ৰাইজে সেয়া সহ্য নকৰে।’