আমাৰ দিনত অসমত আন্দোলন নাই হোৱা বুলি মুখ্যমন্ত্ৰীয়ে গৰ্ব কৰাৰ সময়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰীসকলে ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাট জিলাৰ প্ৰায় সাতশ কৰ্মচাৰী বৰ্তমান আন্দোলনত নামি পৰিছে৷ ৯ দফীয়া দাবী পূৰণৰ বাবে ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ তেওঁলোকে এক আন্দোলনৰ কায্যসূচী ৰূপায়ণ কৰে।
গোলাঘাটৰ পাঁচোটা সমষ্টিৰ পৰা অহা কৰ্মচাৰী সকলে স্বাস্থ্য বিভাগৰ জিলা যুটীয়া সঞ্চালকৰ কায্যালয়ত আজি অন্তিম দিনা বিভিন্ন শ্লৌগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্বাস্থ্যকৰ্মী সকলৰ এই আন্দোলনে গোলাঘাট সদৰত থকা ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন ৱাৰ্ডত আৰু জিলাখনৰ চিকিৎসালয় সমূহত বিৰূপ প্ৰভাৱ পৰাত ৰোগীৰ মাজত হাহাঁকাৰ লাগিছে৷আনফালে স্বাস্থ্য বিভাগৰ দায়িত্বত থাকিও মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ৷কৰিব পৰা নাই৷ তেওঁ অতি কৌশলৰে বাস্তৱ পৰিস্থিতি লুকুৱাই থৈ স্বাস্থ্যখণ্ডৰ উন্নতি হৈছে বুলি ক’লেও এই সত্যবোৰ লুকাই নাথাকে৷কিন্তু , ঋণ লৈ আঁচনি বিতৰণ কৰা মন্ত্ৰীয়ে আনৰ দুৰ্দশা নুবুজাটোয়েই স্বাভাৱিক৷