কেতিয়াবা সীমা, কেতিয়াবা চুইটী!ব্ৰাজিলিয়ান মডেলে ২২বাৰকৈ ভোট দিলে হাৰায়ানাত ভোট চুৰিৰে গণতন্ত্ৰত মোক্ষম আঘাত বিজেপিৰ

কেতিয়াবা সীমা, কেতিয়াবা চুইটী!ব্ৰাজিলিয়ান মডেলে ২২বাৰকৈ ভোট দিলে হাৰায়ানাত    ভোট চুৰিৰে গণতন্ত্ৰত মোক্ষম আঘাত বিজেপিৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ ভোটাৰ তালিকাত ব্যাপক ভোট জালিয়াতিৰ অভিযোগ উত্থাপন কৰি বিজেপি আৰু নিৰ্বাচন আয়োগক লক্ষ্য কৰি লৈছে। নতুন দিল্লীত এখন সংবাদমেলত তেওঁ এই অভিযোগসমূহ দাঙি ধৰে:
ৰাহুলৰ প্ৰথম অভিযোগ
ব্ৰাজিলৰ মডেলৰ ফটোৰ ব্যৱহাৰ: ৰাহুল গান্ধীয়ে দাবী কৰে যে এগৰাকী ব্ৰাজিলৰ মডেলৰ ফটো হাৰিয়ানাৰ ভোটাৰ তালিকাত ২২ বাৰ ব্যৱহাৰ কৰা হৈছে। এই ফটোখন ১০টা ভিন্ন বুথত সীমা, ছুইটী, সৰস্বতী আদি বেলেগ বেলেগ নামেৰে বিভিন্ন ভোটাৰ কাৰ্ড সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। তেওঁ ইয়াক এক সংগঠিত আৰু কেন্দ্ৰীভূত ভোট জালিয়াতিৰ কাণ্ড বুলি অভিহিত কৰিছে।
দ্বিতীয় অভিযোগ
বিশাল সংখ্যক ভুৱা ভোটাৰ: ৰাহুল গান্ধীৰ অভিযোগমতে, হাৰিয়ানাত প্ৰায় ২৫ লাখ ভুৱা অথবা অবৈধ ভোটাৰ চিনাক্ত কৰা হৈছে। তেওঁৰ তথ্য মতে, হাৰিয়ানাৰ প্ৰতি আঠজন ভোটাৰৰ ভিতৰত এজন ভুৱা ভোটাৰ আছে।
ৰাহুল গান্ধীয়ে দাবী কৰে যে ভোটাৰ তালিকাখনত ৫,২১,৬১৯ জন ভুৱা বা ডুপ্লিকেট ভোটাৰ, ৯৩,১৭৪ জন অবৈধ ঠিকনাধাৰী আৰু ১,৯২,৬,৩৫১ জনৰ বৃহৎ তালিকা চিনাক্ত কৰা হৈছে, যিসকলৰ নাম বেলেগ বেলেগ ঠাইত ভুলকৈ অন্তৰ্ভুক্ত কৰা হৈছে।
তৃতীয় অভিযোগ
‘H’ ফাইলৰ তথ্য: তেওঁ হাৰিয়ানাৰ ভোটাৰ তালিকাৰ বিসংগতি উদঙাবলৈ ‘H’ ফাইল নামৰ এখন ডছিয়াৰ মুকলি কৰে আৰু সন্দেহ প্ৰকাশ কৰে যে এই ষড়যন্ত্ৰ কেৱল ৰাজ্যিক নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত হৈছে বুলি উল্লেখ কৰে।
চতুৰ্থ অভিযোগ
নিৰ্বাচন আয়োগৰ ভূমিকা: ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ভোটাৰ জালিয়াতিৰ বাবে নিৰ্বাচন আয়োগৰ ৬ আৰু ৭ নম্বৰ ফৰ্মৰ অপব্যৱহাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে একেখন ফটোৰে দুটা বুথত ২২৩টা ভোট দিয়াৰ প্ৰমাণ পোৱাৰ পিছতো নিৰ্বাচন আয়োগে সেই বুথৰ চিচিটিভি ফুটেজ ধ্বংস কৰিছে।
পঞ্চম অভিযোগ
হাৰিয়ানাৰ ফলাফলত সন্দেহ: তেওঁ দাবী কৰে যে হাৰিয়ানাৰ সকলো এগজিট প’লত কংগ্ৰেছৰ জয়ৰ ইংগিত পোৱাৰ পিছতো ফলাফল সম্পূৰ্ণ বেলেগ আছিল, যাৰ পৰা স্পষ্ট হয় যে বিজেপিয়ে ভোট চুৰি কৰি চৰকাৰ গঠন কৰিছে। তেওঁ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব ছাইনীৰ নিৰ্বাচনৰ পূৰ্বৰ মন্তব্যকো এই সংগঠিত পৰিকল্পনাৰ প্ৰমাণ হিচাপে দাঙি ধৰিছে।

Leave a Comment