“আপুনি ৰজা নহয়,ৰাইজৰ সেৱকহে ”— মুখ্যমন্ত্ৰীক দায়িত্ব সোঁৱৰালে গৌৰৱ গগৈয়ে

“আপুনি ৰজা নহয়,ৰাইজৰ সেৱকহে ”— মুখ্যমন্ত্ৰীক দায়িত্ব সোঁৱৰালে গৌৰৱ গগৈয়ে

অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰতিক মন্তব্যসমূহে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে৷  এই মন্তব্যসমূহৰ প্ৰতিক্ৰিয়া স্বৰুপে  কংগ্ৰেছ সাংসদ আৰু লোকসভাৰ বিৰোধী উপনেতা গৌৰৱ গগৈয়ে কয় যে , “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজকে ‘ৰজা’ বুলি কয়, কিন্তু আমি আচলতে জনসাধাৰণৰ দাস।আৰু সেইকথা তেওঁ পাহৰি যোৱা উচিত নহয়৷

“ তেওঁ জনসাধাৰণৰ প্ৰতিবাদ  নীৰৱ কৰিব বিচাৰে৷আমি চাই জনগণে মুক্তভাৱে কথা কোৱাটো বিচাৰো৷  তেওঁ জনসাধাৰণক  ভয় খুৱাব বিচাৰে আৰু  আমি জনসাধাৰণলৈ ভয় কৰোঁ৷”— এই তাৎপৰ্যপূৰ্ণ মন্তব্য গৌৰৱ গগৈৰ ।

গগৈয়ে দি কয় যে সঠিক নেতৃত্বই মানৱ সেৱা কৰিব বিচাৰে, শাসন নহয়। ইতিমধ্যে অসম কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ নেতৃত্বৰ বাবে “অযোগ্য” বুলি অভিহিতও কৰিছে৷
একেসময়তে , যেতিয়া সমগ্ৰ ৰাজ্য জুবিন গাৰ্গৰ অন্তিম প্ৰদৰ্শন “ৰৈ ৰৈ বিনালে” চোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কিয় আজিলৈকে চিনেমাখন চোৱা নাই বুলিও সমালোচনা কৰে৷

গগৈয়ে তেওঁৰ এক্সত হেণ্ডেলত লিখে যে ,  “হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসযোগ্যতা হেৰুৱাইছে। শৰ্মাই বাৰে বাৰে দাবী কৰিছে যে গগৈৰ তেওঁৰ ব্ৰিটিছ পত্নীৰ জৰিয়তে পাকিস্তানৰ সৈতে সম্পৰ্ক আছে, অভিযোগৰ সমৰ্থনত তেওঁৰ ওচৰত প্ৰমাণ আছে।কিন্তু আজিলৈকে এই প্ৰমাণ তেওঁ ৰাজহুৱা কৰিব পৰা নাই৷ মুখ্যমন্ত্ৰীৰ এনে অভিযোগক লোকসভাৰ কংগ্ৰেছৰ উপ নেতা গগৈয়ে ভিত্তিহীন আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি নাকচ কৰি কয় ,মুখ্যমন্ত্ৰীৰ হতাশাহে প্ৰকাশ কৰে।

Leave a Comment