বিজেপিয়ে আমুৱালে ৰাজেন গোহাঁইক! বিজেপি এৰি যোগদান কৰিব আঞ্চলিক দলত

বিজেপিয়ে আমুৱালে ৰাজেন গোহাঁইক! বিজেপি এৰি যোগদান কৰিব আঞ্চলিক দলত

হিমন্ত ৰাজনীতিত অসন্তুষ্ট হৈ বহু ৰাজনৈতিক দলে NEDA ত্যাগ কৰাৰ সময়তে এইবাৰ বিজেপি ত্যাগ জেষ্ঠ্য নেতাৰ৷ বিজেপিৰে সম্পৰ্ক ছেদ কৰি আঞ্চলিক দললৈ মন মেলিছে নেতাগৰাকী বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। তেওঁ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগ দিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে তেওঁৰ যোগদান নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে। এতিয়া মাত্ৰ আনুষ্ঠানিকতাহে বাকী।
বিচাৰ্য বিষয় যে, তেওঁ ৰাজ্যিক বিজেপিৰ শেহতীয়া কাম- কাজত অসন্তুষ্ট হৈ তেওঁ চলিত বৰ্ষৰ ৯ অক্টোবৰত বিজেপিৰ সকলো দায়িত্ব পৰা পদত্যাগ কৰিছিল। গোহাঁয়ে বিজেপিত থকা দীৰ্ঘকালীন সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীৰো আসন অলংকৃত কৰিছিল। ৰাজেন গোহাঁই ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে গোহাঁয়ে লোকসভাৰ সদস্য হিচাপে ৪টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।
এনেদৰে জ্যেষ্ঠ নেতাই দল ত্যাগ কৰা কাৰ্যই বিশেষ ইংগিতো বহন নকৰা নহয়৷ অৱশ্যে পুৰণি নেতাক একাষৰীয়া কৰাটো অসমত বিজেপিৰ এক পৰম্পৰা বুলিও ক’ব পাৰি৷

Leave a Comment