উচ্ছেদৰ নামত মুখ্যমন্ত্ৰীৰ নাটক! প্ৰথমে উচ্ছেদৰ নাটক, পিছত ৰাইজৰ কৰৰে কোটি টকা উচ্ছেদিতক ক্ষতিপূৰণ দিয়ে চৰকাৰে

উচ্ছেদৰ নামত মুখ্যমন্ত্ৰীৰ নাটক! প্ৰথমে উচ্ছেদৰ নাটক, পিছত ৰাইজৰ কৰৰে কোটি টকা উচ্ছেদিতক ক্ষতিপূৰণ দিয়ে চৰকাৰে

ভোটৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব কিমান তললৈ নামিব পাৰে সেইয়া ইতিমধ্যে সচেতন নাগৰিকে জানে৷ শেহতীয়াকৈ হিমন্ত বিশ্বৰ উদ্যোগতে ৰূপায়ণ কৰা হৈছিল “উচ্ছেদ” নামৰ এখন নাটক৷ এই নাটকৰ জৰিয়তে ৰাইজক এনে এটা ধাৰণা দিয়া হ’ল যে, অসমৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক আঁতৰাই পঠিওৱা হ’ব৷ কিন্তু এই নাটকৰ অন্তৰালত থকা প্ৰকৃত সত্য অসমৰ ৰাইজে জনা উচিত৷

গুৰুত্বপূৰ্ণ কথা যে, অসম চৰকাৰে উচ্ছেদিতক  উচ্ছেদৰ পৰৱৰ্তী সময়ত  ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছে৷মূখ্যমন্ত্রীৰ অফিচে মুখেৰে এই কথা মিছা কথা বুলি ক’লেও তথ্যই মিছা কথা  নকয়।
অসমৰ বহু সংগঠনে পুনঃসংস্থাপন নকৰা  উচ্ছেদৰ বিৰোধিতা কৰি আহিছে৷ তাৰ ভিতৰত  নিখিল ভাৰত ছাত্র সন্থা ( আইচা) ও অন্যতম৷উক্ত সংগঠনে চৰকাৰক প্ৰশ্ন কৰে যে— প্ৰাথমিকভাৱে পুন:সংস্থাপন নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক আমি স্পষ্টৰূপত বিৰোধিতা কৰো। চৰকাৰ আৰু প্রশাসন যন্ত্রই উচ্ছেদৰ সময়ত বিদেশীক উচ্ছেদ কৰা বুলি প্রচাৰ কৰে। কিন্তু আমাৰ প্রশ্নটো হ’ল যে,যদি বিদেশীকে উচ্ছেদ কৰে অথবা ঘৰ ভাঙি দিয়া হয় তেন্তে পিছত চৰকাৰে আদালতৰ নিৰ্দেশত ক্ষতিপূৰণ দিবলৈ কিয় বাধ্য হয়?”
২০১৭ চনৰ ৬ জুন তাৰিখে তেতিয়াৰ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিবৰ এক পত্র অনুসৰি,  ২০১৫ চনৰ ১৯ চেপ্তেম্বৰ তাৰিখে কাজিৰঙাৰ ওচৰৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তৰ্গত পালখোৱা আৰু বান্দৰডুবি গাওঁৰ উচ্ছেদিত হোৱা পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ বাবদ ১৪ কোটি ৭১ লাখ ৭২ হাজাৰ ৭২৩ টকা অসম চৰকাৰে বহন কৰিছে। ২০২১ চনৰ ৩১ জানুৱাৰীত দৰং জিলাৰ দলগাঁও ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত গৰুখুটীৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক ২০৫১ বিঘা মাটি দলগাঁও ৰাজহ চক্রৰ অধীনত আবন্টন দিয়াৰ কথা ঘোষণা কৰা হৈছিল। উক্ত বৈঠকত দলগাঁও সমষ্টিৰ বিধায়ক,দৰং জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক সমন্বিতে কেইবাগৰাকীও অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল।
ইয়াৰোপৰি ২০২৪ চনৰ মে মাহৰ ২২ তাৰিখে অসম চৰকাৰে উচ্চ ন্যায়ালয়ত বটদ্ৰৱাত উচ্ছেদিত  ৬ টা পৰিয়ালক ৩০ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে বুলিও জনাইছিল ৷এই তথ্যসমূহ মূখ্যমন্ত্রীয়ে কেতিয়াও নস্যাৎ কৰিব নোৱাৰে৷
বটদ্ৰৱাৰ উচ্ছেদিতক চৰকাৰে প্ৰতি পৰিয়ালক ৩০ লাখ টকাকৈ ক্ষতিপূৰণ দিছিল। কাজিৰঙাৰ উচ্ছেদিতক ক্ষতিপূৰণ দিয়া হৈছিল ধলপুৰৰ মানুহক মাটি দিয়া হৈছিল। এই ক্ষতিপূৰণবিলাক হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ নিৰ্দেশত নিজ হাতেৰে দিছে বুলিও মন্তব্য কৰে নিখিল ভাৰত ছাত্র সন্থাই৷
আমি সততে বাতৰি উচ্ছেদ কৰা দেখি সুখী হওঁ৷ কিন্তু এবাৰ ভাবি চাইছোঁনে যে  উচ্ছেদৰ পিছত মানুহবোৰ ক’ত যায়? সঁচা কথাটো হ’ল যে, তেওঁলোক ক’তো নাযায়। অসমতেই থাকে ভাৰততেই থাকে। আমাৰ কৰৰ টকাৰে তেওঁলোকক পিছত ক্ষতিপূৰণো দিব লগা হয়। লাভ হয় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ।
সবাতোকৈ গুৰুত্বপূৰ্ণ কথা যে,  চৰকাৰী ক্ষতিপূৰণ ভাৰতীয় নাগৰিকেহে লাভ কৰে। সেইয়া বিদেশীয়ে লাভ কৰিব নোৱাৰে ৷কিন্তু বাৰে বাৰে  আদালতৰ ৰায় আৰু চৰকাৰে ক্ষতি পূৰণ দিবলৈ বাধ্য হোৱা ঘটনাই এইটোৱে প্ৰমাণ কৰে যে উচ্ছেদিত ক্ষতিপূৰণ পোৱাসকল ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ নাম এন.আৰ.চিত অন্তৰ্ভুক্ত আছে। সম্পূৰ্ণ সাম্প্ৰদায়িক ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে উচ্ছেদবোৰ চলাই আহিছে , উচ্ছেদৰ নামত ভোটৰ ৰাজনীতি কৰিছে আৰু হাৰাশাস্তি কৰিছে কিছু লোকক৷

Leave a Comment