NEDA এৰিলে বহুকেইটা ৰাজনৈতিক দলে শক্তিহীন হোৱাৰ পথত মুখ্যমন্ত্ৰী

NEDA এৰিলে বহুকেইটা ৰাজনৈতিক দলে শক্তিহীন হোৱাৰ পথত মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নিম্নমুখী হোৱাৰ সময়তে এইবাৰ NEDA (North-East Democratic Alliance)সংগ এৰিলে বহু ৰাজনৈতিক দলে৷ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইয়া এক প্ৰকাৰৰ মোক্ষম আঘাত। শেহতীয়াকৈ  নেডাৰ অন্যতম সহযোগী এন পি পি (NPP)ৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই NEDA ৰ পৰা আঁতৰি মিত্ৰজোঁটটোক প্ৰত্যাহ্বান জনাইছে।
কেৱল নেডা ত্যাগ কৰাই নহয়, মঙলবাৰে দিল্লীত কনৰাড চাংমাই আন সহযোগী দলসমূহৰ সৈতে উত্তৰ-পূবৰ বাবে এক নতুন আঞ্চলিক ৰাজনৈতিক মঞ্চ ঘোষণা কৰে। এন পি পিৰ মুৰব্বী কনৰাড চাংমা, টিপ্ৰা মোথাৰ প্ৰদ্যুৎ মাণিক্য আৰু বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ এম. কিকনে মঙলবাৰে এই নতুন ৰাজনৈতিক সত্তাৰ কথা ঘোষণা কৰে।
সংবাদ মাধ্যমক সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ,আমি উত্তৰ-পূবৰ বাবে এটা সুকীয়া ৰাজনৈতিক সত্তাৰ অধীনত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছো। আমি এটা কমিটী গঠন কৰিছো যিয়ে অহা ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অন্য ৰাজনৈতিক দলৰ সৈতে যোগাযোগ কৰিবলৈ কমিটীখনক দায়িত্ব দিয়া হৈছে।আমি আমাৰ জনসাধাৰণৰ হৈ দৃঢ়তা আৰু সত্যতাৰে থিয় দিব বিচাৰো। ইয়াৰ পূৰ্বেও এটা মঞ্চ সৃষ্টিৰ প্ৰচেষ্টা কৰা হৈছিল। আমি ইয়াত কাৰো সৈতে যুঁজ দিবলৈ নহয়, আমাৰ জনসাধাৰণৰ অধিকাৰৰ বাবে যুঁজিবলৈহে আত্মপ্ৰকাশ কৰিছো।
উল্লেখযোগ্য যে এন পি পি আৰু টিপ্ৰা মোথা দুয়োটা ৰাজনৈতিক দলেই বিজেপি নেতৃত্বাধীন এন ডি এ (NDA)ৰ সহযোগী দল। উত্তৰ-পূবৰ এই দুই নেতাই দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিয়া নেডাৰ বিপৰীতে নতুন ৰাজনৈতিক শক্তি ঘোষণা কৰাটোৱে অঞ্চলটোৰ ৰাজনীতিত এক বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Comment