হাৰিয়ানাৰ ভোট চুৰি কাণ্ডত ব্যৱহৃত ব্ৰাজিলিয়ান মহিলাৰ ফটো ! মুখ খুলিলে হতভম্ব মহিলাই

হাৰিয়ানাৰ ভোট চুৰি কাণ্ডত ব্যৱহৃত ব্ৰাজিলিয়ান মহিলাৰ ফটো ! মুখ খুলিলে হতভম্ব মহিলাই

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে ফাদিল কৰা হাৰিয়ানাৰ ভোট চুৰি কাণ্ডই স্তম্ভিত কৰিছে দেশবাসীক৷ ৰাহুল গান্ধীৰ তথ্য অনুসৰি ভোটাৰ তালিকাত মুঠ ২২টা পৃথক নামৰে ব্ৰাজিলৰ এগৰাকী মডেলৰ ছবি ব্যৱহাৰ কৰা হৈছে। লগতে মডেলগৰাকীৰ ফটোও ৰাজহুৱা কৰিছিল ৰাহুল গান্ধীয়ে৷ তাৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হ’ল।
মহিলাগৰাকীৰ নাম নাম লাৰিছা (Larissa) বুলি জানিব পৰা গৈছে৷লাৰিছাৰ ফটো ভছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ মেছেজত লাৰিছাই কয়, “এয়া কি পাগলামি! ভাৰতীয় ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মোৰ ছবিখন ষ্টক ইমেজ প্লেটফৰ্মে কিনিছিল। তাৰ পিছত ক’ত ব্যৱহাৰ কৰা হৈছিল, মই নাজানো। মই কেতিয়াও ভাৰতলৈ যোৱা নাই। মই ব্ৰাজিলৰ ডিজিটেল ইনফ্লুৱেন্সাৰ আৰু কেশসজ্জাবিদ (Hairstylist)। মই ভাৰতীয়সকলক ভাল পাওঁ।”
তেওঁ লগতে কয়, “মোৰ ছবিখনৰ ওপৰত বহু ভাৰতীয়ই মন্তব্য কৰিছে। মোৰ ছবিখন ভাৰতীয় সংবাদ মাধ্যমত শ্বেয়াৰ কৰা হৈছে। কিন্তু মই স্পষ্টকৈ ক‘ব বিচাৰোঁ যে ছবিখন মোৰ, কিন্তু ভোটৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই।” লাৰিছাই স্পষ্টকৈ দাবী কৰে যে তেওঁ মডেল নহয়। বহু ভাৰতীয় সাংবাদিকে তেওঁৰ সৈতে সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰিছে। ভাৰতীয় সংবাদ মাধ্যমে লাৰিছাক ব্ৰাজিলৰ ‘ৰহস্যময়‘ মডেল বুলি অভিহিত কৰিছে।
উল্লেখ্য যে কিছুদিন ধৰি ৰাহুল গান্ধীয়ে ‘হাইড্ৰ’জেন বোমা‘ বিস্ফোৰণ কৰিব বুলি চৰ্চা চলি আছিল। অৱশেষত বুধবাৰে ৰাহুলে সেই ‘বোমা‘ বিস্ফোৰণ কৰে। কালিৰ দিনটোতে তেওঁ দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি বিগত বৰ্ষৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ‘ভোটিং ৰিগিং‘ৰ অভিযোগ উত্থাপন কৰে।
ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ মুঠ ভোটাৰৰ ১২ শতাংশ অৰ্থাৎ ২৫ লাখ ভোটাৰ ভুৱা। সেই ভুৱা ভোটাৰক ব্যৱহাৰ কৰি বিজেপিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰে। তেওঁ কয়, “হাৰিয়ানাত মুঠ ২ কোটি ভোটাৰ আছে। ইয়াৰে ২৫ লাখ ভুৱা।” তেওঁ দাবী কৰে যে কংগ্ৰেছক পৰাস্ত কৰিবলৈ গেৰুৱা শিবিৰে ইচ্ছাকৃতভাৱে ভোটাৰ তালিকৰ লগত খেলিমেলি কৰিছিল।
ইয়াৰ পিছত ৰাহুলে ‘ব্ৰাজিলিয়ান মডেল‘ৰ ছবি দেখুৱায়। তেওঁ দাবী কৰে যে তেওঁৰ ছবিখন ভোটাৰ তালিকাত মুঠ ২২টা নামেৰে ব্যৱহাৰ কৰা হৈছে আৰু তেওঁ হাৰিয়ানাৰ ১০টা ভিন্ন বুথত ভোটদান কৰিছিল।

Leave a Comment