এফালে উচ্ছেদৰ নাটক আনফালে শোণিতপুৰ জিলাৰ মাজমজিয়াত অৱস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যক বেদখলকাৰীৰ হাতত গতাবলৈ আগবাঢ়িছে চৰকাৰ।হাতী, বাঘ আৰু অগণন চৰাইৰ প্ৰজাতিৰে পৰিপূৰ্ণ অভয়াৰণ্যখনৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ (NGT) তদন্ত চলি থকাৰ পাছতো অসম চৰকাৰে অভয়াৰণ্যখনৰ লগতে চুবুৰীয়া চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বসবাস কৰা ২৪০০ৰো অধিক লোকক ভূমি প্ৰদানৰ পৰিকল্পনা হাতত লৈছে। ৰাজ্য তথা কেন্দ্ৰ উভয়তে বিজেপি চৰকাৰ থকাৰ পিছতো অভয়াৰণ্যখনৰ ১০ হাজাৰ হেক্টৰ ভূমি বেদখলকাৰীৰ কৱলত। চাৰিদুৱাৰ, বালিপাৰা আৰু অন্যান্য সংৰক্ষিত বনাঞ্চলকে ধৰি সমগ্ৰ অঞ্চলটোত এতিয়া ৫০,২৪১ হেক্টৰ বা সংৰক্ষিত বনাঞ্চলৰ ৬৯% ভূমি বেদখল কৰা হৈছে। ফলস্বৰূপে মানুহ-হাতীৰ সংঘাত তীব্ৰতৰ হৈ আহিছে, কাৰণ প্ৰাকৃতিক আশ্ৰয়স্থল হেৰুৱাই বন্যপ্ৰাণীবোৰে গাঁও আৰু কৃষিভূমিত বিচৰণ কৰিবলৈ বাধ্য হৈছে৷ ইমানৰ পিছতো জলসিঞ্চন আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলৰ সমৰ্থনত চৰকাৰৰ এই পৰিকল্পনাই সচেতন মহলক শংকিত কৰি তুলিছে৷বিশেষকৈ, সিংঘলৰ গৃহ সমষ্টি ঢেকিয়াজুলিত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন ওচৰ চাপি অহাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তক সমালোচকসকলে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে।
২০২৫ চনৰ জুন মাহত ৰাজ্যখনে সোণাই-ৰূপাইৰ ভিতৰৰ ১৮ খন বনাঞ্চল গাঁও বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত (BTC) অন্তৰ্ভুক্ত কৰি দশক দশক ধৰি চলি থকা বেদখলক বৈধতা প্ৰদান কৰা বুলি মত প্ৰকাশ কৰিছে সংৰক্ষণবিদ দিলীপ নাথে।
লক্ষ্যণীয় যে ২০২২ চনত চৰকাৰে ৭২ খন গাঁৱৰ ১৩০০ৰো অধিক লোকক বন অধিকাৰ আইন (FRA), ২০০৬-ৰ অধীনত মাটি প্ৰদান কৰিছিল, য’ত ২০০৫ চনৰ ডিচেম্বৰৰ আগতে বনাঞ্চলত বাস কৰা লোকসকলক বসতি স্থাপনৰ অনুমতি দিয়া হৈছিল। কিন্তু তথ্য অনুসৰি সোণাই-ৰূপাইত বেদখল ২০০২ চনৰ আশেপাশে আৰম্ভ হৈছিল, যাৰ ফলত বহু দাবীৰ বৈধতাক লৈ সন্দেহৰ আঙুলি উঠিছে।
২০২৩ চনত এন জি টিলৈ দিলীপ নাথে দিয়া আবেদনত চৰকাৰে অভয়াৰণ্যখনৰ ভিতৰত বিদ্যালয়, পথ, ভোটকেন্দ্ৰ, আনকি চাহ বাগিচা পাতিবলৈ অনুমতি দি বন (সংৰক্ষণ) আইন, ১৯৮০ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ “এয়া উন্নয়ন নহয়। ৰাজনৈতিক লাভালাভৰ বাবে আমাৰ বনাঞ্চল ধ্বংস কৰা” বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
এন জি টিয়ে বাৰে বাৰে চৰকাৰৰ পৰা উত্তৰ দাবী কৰি আহিছে। ২০২৪ চনৰ আগষ্ট মাহত ৰাজ্যখনৰ বন বিভাগৰ পৰা জাৰি কৰা শপতনামাত স্বীকাৰ কৰা হৈছে যে সমগ্ৰ অঞ্চলটোত প্ৰায় ৩ লাখ লোকে বনভূমি বেদখল কৰিছে। তথাপিও অসম চৰকাৰ বা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়েও এই সংকটৰ সমাধানৰ বাবে স্পষ্ট পৰিকল্পনা আগবঢ়োৱা নাই।
২০২৪ চনৰ নৱেম্বৰ মাহত ন্যায়াধিকৰণে মন্ত্ৰালয়ৰ অস্পষ্ট সঁহাৰিক তীব্ৰ সমালোচনা কৰিছিল আৰু মন্ত্ৰালয়ক ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত বিশদ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল, তাৰ পিছত পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। আইনী যুদ্ধৰ সূচনা হোৱাৰ লগে লগে এন জি টিৰ হস্তক্ষেপে চৰকাৰৰ এই পৰিকল্পনা স্তব্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন ৰাইজে।