বিহাৰৰ ফলাফলে গতিস্তব্ধ কৰিব নোৱাৰে কংগ্ৰেছৰ! গণতন্ত্ৰৰ যুঁজখন আৰু অধিক শক্তিশালী হ’ব।

বিহাৰৰ ফলাফলে গতিস্তব্ধ কৰিব নোৱাৰে কংগ্ৰেছৰ!   গণতন্ত্ৰৰ যুঁজখন আৰু অধিক শক্তিশালী হ’ব।

বিহাৰ নিৰ্বাচনত আশাপ্ৰদ ফলাফল লাভ নকৰিলেও থমকি ৰোৱা নাই কংগ্ৰেছ তথা ৰাহুল গান্ধী৷নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁ পুনৰ অভিযোগ কৰে যে, “এই নিৰ্বাচন আৰম্ভণিৰে পৰাই নিৰপেক্ষ নাছিল।”
শুকুৰবাৰে এক্সত দিয়া প্ৰথম প্ৰতিক্ৰিয়াত ৰাহুলে লিখিছে, “বিহাৰৰ লাখ লাখ লোকে মহাগঠবন্ধনৰ ওপৰত যি আস্থা ৰাখিছে তাৰ বাবে মই কৃতজ্ঞ। কিন্তু এই ফলাফল সঁচাকৈয়ে আচৰিত। এই নিৰ্বাচন আৰম্ভণিৰে পৰাই ন্যায্য নাছিল, সেইবাবেই আমি আশা কৰা ধৰণৰ জয় আনিব নোৱাৰিলো।”
যদিও তেওঁ ভোট চুৰিৰ বিষয়ে পোনপটীয়াকৈ একো কোৱা নাই, তথাপিও ইংগিত স্পষ্ট। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে সমগ্ৰ বিহাৰত মহাগঠবন্ধনৰ ‘ভোটাধিকাৰ যাত্ৰা’ কৰিও কিয় ৪০ৰ নিৰ্দিষ্ট সীমাও অতিক্ৰম কৰিব নোৱাৰিলে।

ৰাহুলে লিখিছে, ‘এই যুঁজখন সংবিধান ৰক্ষা আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ।’ কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটে ইয়াৰ ফলাফল গভীৰভাৱে বিশ্লেষণ কৰিব আৰু “গণতন্ত্ৰৰ যুঁজখন আৰু অধিক শক্তিশালী হ’ব।”
২০২০ চনত কংগ্ৰেছে ৭০খন আসনৰ ভিতৰত ১৯খন আসন লাভ কৰিছিল। এইবাৰ ৬১খন আসনৰ ভিতৰত মাত্ৰ ৬খন আসনহে লাভ কৰে।  মিত্ৰজোঁটৰ ডাঙৰ দল আৰজেডিৰ অৱস্থাও শোচনীয়—১৪৩খন আসনৰ ভিতৰত মাত্ৰ ২৫খন আসনহে লাভ কৰিছে, যিটো যোৱাবাৰ লাভ কৰা আসনৰ আধাতকৈও কম।
আনহাতে, এন ডি এয়ে ২০০ৰো অধিক আসন লাভ কৰে, বাস্তৱতে একপক্ষীয় যুঁজ।

Leave a Comment