অসমৰ মহানায়ক, মহাশিল্পী জুবিন গাৰ্গৰ জন্ম দিন উদযাপন কৰিব অসম প্ৰদেশ কংগ্ৰেছে৷ এই দিনটো বিশেষভাৱে উদযান কৰা লক্ষৰে প্ৰিয় শিল্পী গৰাকীৰ সংগীত,কথা,সুৰ আদিৰে স্মৰণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰূপায়ন কৰিব “কাঞ্চনজংঘা – সংস্কৃতি হওক মৈত্ৰেয়ীৰ মন্ত্ৰ” শীৰ্ষক এক অনুষ্ঠান ৷এই অনুষ্ঠানত কংগ্ৰেছৰ দলীয় বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকিব৷ লগতে উপস্থিত থাকিব বিশিষ্ট সংগীত শিল্পী জয় বৰুৱা আৰু বহু কেইগৰাকী শিল্পী৷
গীত-মাত-কবিতাৰে এই অনুষ্ঠান জীপাল কৰি তোলাৰ লগতে জুবিন গাৰ্গৰ ন্যায় দাবীও সৱল কৰি তুলিব অসম প্ৰদেশ কংগ্ৰেছে৷
‘কাঞ্চনজংঘা – সংস্কৃতি হওক মৈত্ৰেয়ীৰ মন্ত্ৰ’ অনুষ্ঠানেৰে জুবিন গাৰ্গৰ ওপজাদিন উদযাপন কৰিব কংগ্ৰেছে