পীযূষ হাজৰিকাৰ ছত্ৰচায়াত লুন্ঠন চলোৱা কোন এই আৰ এছ গান্ধী ? কাৰ সাহসত আৰ এছ গান্ধীয়ে দখল কৰিছে ইটোৰ পিছত সিটো শিলৰ কুৱেৰী?

পীযূষ হাজৰিকাৰ ছত্ৰচায়াত লুন্ঠন চলোৱা কোন এই আৰ এছ গান্ধী ? কাৰ সাহসত আৰ এছ গান্ধীয়ে দখল কৰিছে ইটোৰ পিছত সিটো শিলৰ কুৱেৰী?

শেহতীয়াকৈ বিজেপি ত্যাগ কৰা প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সম্পৰ্কে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে তাৰ মাজতে মন্ত্ৰী পীযূষ হাজৰিকা সম্পৰ্কেও বিস্ফোৰিত মন্তব্য প্ৰাক্তন বিজেপি নেতাগৰাকীৰ । অসম জাতীয় পৰিষদত যোগদান সময়তে ৰাজ্যৰ বিয়াগোম কেলেংকাৰীৰ কথা অৱতাৰণা কৰে তেখেতে ৷ লগতে কয় যে , ৰাজ্যৰ কেলেংকাৰীৰ কথা ওলালেই জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাৰ ঘনিষ্ঠ আৰ এছ গান্ধীৰ নাম উচ্চাৰিত হয় ৷ এইগৰাকী জনৈক আৰ আছ গান্ধীয়ে এতিয়া নিসংকোচে চলাইছে অসমত লুন্ঠন৷অসমৰ প্ৰায় সকলো ঠাইতে বিয়পি পৰিছে আৰ এছ গান্ধীৰ লুন্ঠন৷এদিন মন্ত্ৰী পীযূষ হাজৰিকাই আৰ এছ গান্ধীক মোৰ ওচৰলৈ লৈ আহিছিল বুলিও মন্তব্য ৰাজেন গোহাঁইৰ৷ গান্ধীৰ শিলৰ কুৱেৰীৰ বাবে পৰিবেশ মন্ত্ৰ্যালয়ৰ অনুমোদন উলিয়াই দিয়াত সহায় কৰি দিয়াৰ বাবে পীযূষ হাজৰিকাই আৰ এছ গান্ধীক লৈ আনিছিল।

আনকি কম সময়ৰ ভিতৰতে জাগীৰোডৰ পিচত মৰিগাঁও, নগাঁও জিলাত ইটোৰ পিচত সিটো সকলো শিলৰ কুৱেৰী পীযূষ হাজৰিকাৰ ঘনিষ্ঠ আৰ এছ গান্ধীয়ে দখল কৰিলে। আটাইতকৈ দুখলগা কথা- বিজেপি মিত্রজোটত কেবিনেট মন্ত্রী হৈ থকা অগপৰ কেশৱ মহন্তৰ ভাতৃৰ শিলৰ কুৱেৰীও আৰ এছ গান্ধীয়ে বন্ধ কৰি দিলে। মধ্য অসমেই নহয়, উজনি অসমতো কেৱল এতিয়া আৰ এছ গান্ধীৰ শিলৰ কুৱেৰী চলে। এয়া বিয়াগোম কেলেংকাৰী। আৰ এছ গান্ধীৰ বাবেই থলুৱা উদ্যোগীয়ে পেটত গামোচা বান্ধিবলগা হৈছে।

এনে ভয়ংকৰ অভিযোগৰ সমান্তৰালভাৱে গোহাঁয়ে কয় যে, ‘তৃণমূলৰ পৰা সংগঠন কৰি এখোপ এখোপকৈ বিজেপিক অসমত কেইজনমানে প্রতিষ্ঠা কৰিছিলো। অসমত আৰু বিজেপিৰ ভৱিষ্যৎ নাই।
দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতা গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ চকুৰ তলতে এনে কেলেংকাৰী কেনেকৈ চলি আছে সেইয়া এক চিন্তাৰ বিষয়৷ কাৰ পৃষ্ঠপোষকতাত এনেকৈ বহিৰাগতই অসমত লুন্ঠন চলাই যাবলৈ ক’ত সাহস পালে সেইয়াও এক প্ৰাসংগিক প্ৰশ্ন৷

Leave a Comment