উমা ছেত্ৰীলৈ শুভেচ্ছা গৌৰৱ গগৈৰ ভিডিঅ’কল যোগে যাঁচিলে উমালৈ ওলগ

উমা ছেত্ৰীলৈ শুভেচ্ছা গৌৰৱ গগৈৰ  ভিডিঅ’কল যোগে যাঁচিলে উমালৈ ওলগ

বিশ্বকাপ জয়েৰে সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তোলা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য, অসমৰ গৌৰৱ উমা ছেত্ৰীক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিগত কিছুদিন ধৰি বিহাৰত থাকিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভিডিঅ’ কলিঙৰ মাধ্যমেৰে বিশ্বজয়ী ক্ৰিকেটাৰগৰাকীৰ সৈতে বাৰ্তালাপ কৰে৷উল্লেখ্য যে, অসম চৰকাৰ তথা চৰকাৰৰ ক্ৰীড়া বিভাগে দেশলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰগৰাকীক  আদৰণি জনোৱাৰ ক্ষেত্ৰত কৃপণালি কৰাৰ সময়তে আজি এনএছইউআইৰ এটা সঁজাতী দল তেওঁৰ বাসগৃহলৈ গৈ অভিনন্দন জ্ঞাপন কৰে। সেই সময়তে বিহাৰৰ নিৰ্বাচনী ব্যস্ততাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ভিডিঅ’ কলিঙৰ যোগেদি উমা ছেত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।

উমাক লৈ গৌৰৱবোধ কৰিছো বুলি উল্লেখ কৰি গগৈয়ে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰো খা-খবৰ লয়। বাৰ্তালাপত গগৈয়ে উমাক কয় যে বোকাখাতৰ উমাৰ স্থানীয় প্ৰশিক্ষকগৰাকীৰ সৈতে তেওঁৰ আগৰে পৰা চিনাকি আছে। গগৈয়ে উমাৰ মাতৃকো কন্যাৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু উমাৰ প্ৰিয় খাদ্য ৰান্ধিবলৈ অনুৰোধ জনায়।
উল্লেখ্য যে, বিশ্ব জয়ৰ অন্তত বোকাখাতস্থিত স্বগৃহত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে কিছুদিন সময় কটাব অসমক গৌৰৱান্বিত কৰা ক্ৰিকেটাৰগৰাকীয়ে।

Leave a Comment