ৰাভা মহিলাক লাখপতি বাইদেউ কৰিব নালাগে, আমাক ষষ্ঠ অনুসূচী দিয়ক ৰাভাৰ গৰ্জনে কঁপালে ৰাভা হাছং

ৰাভা মহিলাক লাখপতি বাইদেউ কৰিব নালাগে, আমাক ষষ্ঠ অনুসূচী দিয়ক  ৰাভাৰ গৰ্জনে কঁপালে ৰাভা হাছং

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মাই ‘অসম এতিয়া আন্দোলনশূন্য, কোনো সমস্যা নাই’ বুলি সভা-সমাবেশত দিয়া ভাষণত দাবী কৰি অহাৰ সময়তে ভাৰতীয় সংবিধানৰ প্ৰাপ্য অধিকাৰৰ দাবীত আজি ৰাজপথলৈ ওলাই আহিল ৰাভা জনগোষ্ঠীৰ হেজাৰ হেজাৰ পুৰুষ-মহিলা। বিজেপি চৰকাৰৰ বাৰম্বাৰ প্ৰতাৰণাত ক্ষুব্ধ হৈ জনগোষ্ঠীটোৰ হেজাৰ হেজাৰ লোক আন্দোলনত নামি পৰিছে আৰু  বিজেপি চৰকাৰ মুর্দাবাদ ধ্বনি দিবলৈ বাধ্য হৈছে। প্রতিবাদত অংশগ্রহণ কৰি মহিলাসকলে ‘ৰাভা মহিলাক লাখপতি বাইদেউ কৰিব নালাগে, আমাক ষষ্ঠ অনুসূচী দিয়ক’ বুলি শ্ল’গান দি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰে। ফলত ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ দাবীত আজি পুনৰ উত্তপ্ত হৈ পৰিছে ৰাভা হাছং। আজি নিখিল ৰাভা ছাত্র সন্থাৰ নেতৃত্বত নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবীত দুধনৈ, আগিয়া, বকো, পলাশবাৰীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। দুধনৈ সমজিলা আযুক্তৰ কার্যালয়ৰ সম্মুখত ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ দাবীত উক্ত সংগঠনকেইটাৰ নেতৃত্বত দুঘণ্টীয়া ধর্ণা কার্যসূচী ৰূপায়ণ কৰে। আজি দিনৰ এঘাৰ বজাত দুধনৈৰ উদয়পুৰ ৰাজহুৱা গেলপথাৰৰ পৰা প্রতিবাদকাৰীসকলে সমদল কবি আহি দুধনৈ সমজিলাৰ কাৰ্যালয়ৰ সম্মুখত ধর্ণা কার্যসূচী ৰূপায়ণ কবে। নিখিল ৰাভা ছাত্র সম্বাৰ নেতৃবৃন্দ তথা প্রতিবাদকাৰীসকলে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমজিলা আযুক্ত কার্যালয় চৌহদ। প্রতিবাদীসকলে ‘ষষ্ঠ অনুসূচী আমাক লাগিবই’, ‘আমাৰ দাবী ন্যায্য দাবী’, ‘ন’ ছিক্সথ ছিডুউল ন’ বেষ্ট’, আবন্ধু লং লীভ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে। উল্লেখযোগ্য যে ২০০৩ চনত নিখিল ৰাভা ছাত্র সহাৰ নেতৃত্বত দুধনৈত যষ্ঠ অনুসূচী দাবী সমিতি গঠন হোৱাৰ পিচৰে পৰা ২২ বছৰ ধৰি ৰাভা জনগোষ্ঠীটোৱে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ যষ্ঠ অনুসুচীত অন্তর্ভুক্ত কৰাৰ দাবীত গণতান্ত্রিক আন্দোলন চলাই আহিছে। কিন্তু ইমান বছৰে ন্যায্য প্রাপ্তিৰ দাবীত আন্দোলন চলাই থকাৰ পিচতো অসম, চৰকাৰে কোনো গুৰুত্ব প্রদান কৰা নাই। যাৰবাবে যোৱা ২২ অক্টোবৰৰ পৰা এলানি দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে নিখিল ৰাভা ছাত্র সস্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে। সেই অনুসৰি ২২ অক্টোবৰৰ পৰা ৰাভা হাছং এলেকাৰ আৰচুৰ আঞ্চলিক সমিতিসমূহৰ অঞ্চলবোৰত ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তকৰণ সন্দর্ভত সজাগতা সভা অনুষ্ঠিত কৰা হয়। আন্দোলনৰ দুমহীয়া কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় কার্যসূচী। আজি ধর্ণা কার্যসূচীৰ অন্তত প্রতিবাদী সভা অনুষ্ঠিত হয়। প্রতিবাদী সভাত নিখিল ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ড° সুভাষ ৰাভাই উদাত্ত ভাষণত কয় যে ৰাভা, মিচিং, আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ বিস্তৃত তথ্য কেন্দ্রীয় চৰকাৰে অসম চৰকাৰৰ পৰা বিচাৰিছে বুলি অসম চৰকাৰৰ মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই নিখিল ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বক জনাইছিল। যোৱা ৭ ছেপ্টেম্বৰত অনুষ্ঠিত বৈঠকতো নিখিল ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বক মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল যে নবেম্বৰ মাহত কেন্দ্রীয় চৰকাৰৰ সৈতে ৰাভা জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰা হ’ব। কিন্তু মুখ্যমন্ত্ৰীৰ এনেধৰণৰ কথাত ৰাভা জাতীয় সংগঠনসমূহ আশ্বস্ত হ’ব পৰা নাই। নিখিল ৰাভা ছাত্র সস্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয়- নবেম্বৰ মাহেই শেষ মাহ। এই নৱেম্বৰতেই ষষ্ঠ অনুসুচীৰ প্রক্রিয়া সম্পূর্ণ কৰিব লাগিব। অহা বিধানসভা নির্বাচনৰ আগতে ৰাভা জনগোষ্ঠীয়ে যদি ষষ্ঠ অনুসূচীৰ মর্যাদা নাপায়, তেনেহ’লে আন্দোলনৰ ধাৰা সলনি কৰি ৰাভা জাতীয় সংগঠনসমূহে আন্দোলন জংগী কৰি তুলিবলৈ বাধ্য হ’ব বুলি প্রতিবাদী কার্যসূচীৰ জৰিয়তে হুংকাৰ দিয়ে। তেওঁ লগতে কয় যে নবেম্বৰ মাহত ‘এই প্রক্রিয়া সম্পূর্ণ নহ’লে নির্বাচনৰ আগত ৰাজনৈতিক ধাৰা সলনি হৈ যাব পাবে। আন কেইবাগৰাকী প্রতিবাদকাৰী নেতাই ভাষণ প্রসংগত চৰকাৰৰ ‘বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে। ধর্ণা কাৰ্যসূচীৰ অন্তত দুধনৈ সমজিলাৰ সহকাৰী আয়ুক্ত জিন্টু বৰাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ধর্ণা কার্যসূচীত আবন্ধু, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্রীয় নেতৃবৃন্দৰ লগতে গোৱালপাৰা জিলা ৰাভা ছাত্র সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ, গোৱালপাৰা জিলা ষষ্ঠ অনুসূচী দাবী সমিতি আৰু আঞ্চলিক সমিতিসমূহে দলে-বলে আহি অংশগ্রহণ কৰে।

Leave a Comment