প্ৰধানমন্ত্ৰী মোদী হৈছে আধুনিক ৰাৱণ আৰু অতি সোনকালেই জ্বলিব তেওঁৰ সোণৰ লংকা

প্ৰধানমন্ত্ৰী মোদী হৈছে আধুনিক ৰাৱণ আৰু অতি সোনকালেই জ্বলিব তেওঁৰ সোণৰ লংকা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাৱণৰ সৈতে তুলনা কৰি বাতৰিৰ শিৰোনামা দখল কৰিছে এগৰাকী কংগ্ৰেছ নেতাই৷ভাৰতীয় ইতিহাসত দহমূখীয়া ৰাৱণক দানৱ জ্ঞান কৰা হয় আৰু দাহ কৰা হয় প্ৰতিমূৰ্তি৷কংগ্ৰেছ নেতা উদিত ৰাজে এনেদৰেই ৰাৱণৰ সৈতে তুলান কৰে প্ৰধানমন্ত্ৰী মোদীক৷

ৰাজে কয় যে, “পিএম মোদী আধুনিক ৰাৱণৰ প্ৰতীক, আৰু তেওঁ যিদৰে নিজৰ লংকা নিৰ্মাণ কৰি আছে, সেইয়া নিমিষতে জ্বলি চাৰখাৰ হৈ যাব।”
লগতে সঞ্জয় ৰাউতে কয় যে, দিল্লীৰ ৰাৱণ জ্বলাই পেলাব লাগিব, আৰু দিল্লীৰ ৰাৱণ জ্বলাই পেলোৱাৰ দিন ওচৰ চাপিছে ।
সমান্তৰালভাৱে , উদিত ৰাজে অহা সপ্তাহত ভাৰতে এজন তালিবান মন্ত্ৰীক আতিথ্য দিয়াৰ বিষয়েও মন্তব্য কৰিছিল আৰু কয় যে ই ভাৰতৰ বৈদেশিক সম্পৰ্কক প্ৰত্যাহ্বান জনাব৷যেতিয়াই প্ৰধানমন্ত্ৰী মোডীয়ে দেখুৱাবলৈ চেষ্টা কৰে যে তেওঁলোক সফল হৈছে, তেওঁলোক সদায় বিফল হয়। চীনৰ দৰে, তেওঁলোকে দেখুৱায় যে তেওঁলোকৰ মাজত ভাল সম্পৰ্ক আছে। একেদৰে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে, তেওঁলোকে দেখুৱাইছিল যে তেওঁলোকৰ ভাল সম্পৰ্ক আছে, কিন্তু ই সম্পূৰ্ণ বিপৰীত।
আন্তৰ্জাতিক বিষয়ৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ভাৰতে নিৰন্তৰ আন্তৰ্জাতিক সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছে, “সঁচাকৈয়ে ক’বলৈ গ’লে, কোনো দেশেই ভাৰতৰ সৈতে থিয় দিয়া নাই। অৱশ্যে বিজেপি নেতাসকল উদিত ৰাজৰ মন্তব্যত জাঙুৰ খাই আহিছে৷ তৎসত্বেও উদিত ৰাজৰ কথাখিনিৰ সত্যতা নুই কৰিব নোৱাৰি৷

Leave a Comment