অসমতেই হওঁক বা বিহাৰতে হওঁক মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ চৰকাৰে ব্যাপক হাৰত ধন প্ৰদান কৰিছে ৷ একেসময়তে পি আৰ লেজিষ্টেটিভ নামৰ সংস্থাই তথ্য প্ৰকাশ কৰিছে যে, হিতাধিকাৰীক ধন দিয়াৰ নামত দেশৰ ১২ খন ৰাজ্যৰ ১.৬৮ লাখ কোটি ব্যয় হ’ব৷
৩ বছৰ পূৰ্বে কেৰালা আৰু তামিলনাডুতহে পোনপটীয়াকৈ মহিলা হিতাধিকাৰীক ধন প্ৰদানৰ ব্যৱস্থা আছিল৷কিন্তু বৰ্তমান বহু ৰাজ্য চৰকাৰে মহিলা ভোটাৰক ধন প্ৰদানৰ ব্যৱস্থা লৈছে৷ তথ্য অনুসৰি , ৰাজনৈতিক হেঁচা আৰু লিংগ অসমতাৰ বাবেই ব্যাপক হাৰত মহিলাক ধন প্ৰদান কৰা হৈছে৷ বৰ্তমান উত্তৰ প্ৰদেশত কন্যা সংমগলা যোজনা, মহাৰাষ্ট্ৰত লড়কী বহন আৰু অসমত লাখপতি বাইদেউ আঁচনি চলি আছে৷মহাৰাষ্ট্ৰত লড়কী-বহিন আঁচনিৰ নামত মাহে ১,৫০০ টকাকৈ আদায় দি থকা বাবে ৰাজকোষত প্রায় ১৮ হেজাৰ কোটি টকাৰ হেঁচা পৰা পৰিলক্ষিত হৈছে। ২০২৩ চনৰ নিৰ্বাচনৰ পিচত ৰাজনৈতিক দলসমূহে দিয়া প্রতিশ্রুতি অনুসৰি ৰাজস্থান, মধ্যপ্রদেশ আৰু ছত্তীশগড়তো এনেধৰণৰ আঁচনি বৰ্তমান কাৰ্যকৰী হৈ আছে। প্রতিবেদনখনৰ মতে এনেধৰণৰ আঁচনিৰ বাবে বাজেটত ৫-১০ শতাংশ ধন ধাৰ্য কৰিবলগীয়া হয়। এনে আঁচনিৰ বাবে পুষ্টি, স্বাস্থ্য তথা শিক্ষা খণ্ডত আবণ্টিত ধনৰ পৰিমাণ হ্রাস হোৱাটো কল্যাণকামী ৰাষ্ট্ৰৰ বাবে সঠিক সিদ্ধান্ত নহয় বুলি কিছুসংখ্যকে মত প্রকাশ কৰিছে।
মহিলাক ধন প্ৰদানে হ্ৰাস কৰিব স্বাস্থ্যসেৱাত ধনৰ আবন্টন , মাতিব ৰাজকোষলৈ বিপদ