জলজীৱন মিছনত ব্যাপক দুৰ্নীতি–অনিয়ম: ঠিকাদাৰ বিল স্থগিত, কমিচন চিণ্ডিকেট, কেন্দ্ৰীয় ধন বন্ধ — সমগ্ৰ অসমত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

জলজীৱন মিছনত ব্যাপক দুৰ্নীতি–অনিয়ম: ঠিকাদাৰ বিল স্থগিত, কমিচন চিণ্ডিকেট, কেন্দ্ৰীয় ধন বন্ধ — সমগ্ৰ অসমত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ

গুৱাহাটী, ১১ ডিচেম্বৰঃ
অসমৰ জলজীৱন মিছন (JJM) আৰু ৰাজহুৱা স্বাস্থ্য অভিযান্ত্ৰণ বিভাগ (PHED)–ৰ কাম-কাজত ব্যাপক দুৰ্নীতি, অনিয়ম, স্বজনপোষণ, বিল পেমেন্টৰ বৈষম্য, ইঞ্জিনীয়াৰ স্থানান্তৰ–পদোন্নতিৰ নামত টকা লেনদেন, কেন্দ্ৰীয় ধন বন্ধ আৰু আঁচনি ব্যর্থ হোৱাৰ অভিযোগ উঠাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে।

ঠিকাদাৰসকলৰ ₹২,৫০০ কোটি বিল স্থগিত — বহু সৰু ঠিকাদাৰ দেউলিয়া, আত্মহত্যাৰ চিন্তালৈ ধপিল

দপ্তৰৰ ভিতৰৰ সূত্ৰসমূহৰ তথ্য অনুসৰি PHED–এ জলজীৱন মিছনৰ অধীনত কৰোৱা কামৰ বাবে ঠিকাদাৰসকলৰ প্ৰায় ₹২,৫০০ কোটি টকা বাকি ৰাখিছে।

এইখিনি বিল বাকি থকাত অসমৰ হাজাৰ হাজাৰ সৰু ঠিকাদাৰ পৰিয়াল দেউলিয়া হোৱাৰ উপকণ্ঠলৈ ঠেলাই দিয়া হৈছে। বহুজন ঠিকাদাৰ নিজৰ ঘৰৰ সঞ্চয় ধন, ঋণ লৈ কাম আগবঢ়াইছিল—ধৰি আছিল যে চৰকাৰে সময়মতে বিল দিব।

কিন্তু অভিযোগ—

অধিকাংশ ঠিকাদাৰ মাত্ৰ ১০%–২০% পেমেণ্ট পাইছে

চৰকাৰৰ গেটত চকু-মেলি থাকিলেও পেমেণ্ট নপোৱা

বহু সৰু ঠিকাদাৰ পৰিয়ালে ঋণৰ কিস্তি, শ্রমিকৰ মজুৰি দিব নোৱাৰাকৈ মানসিক ভাঙনলৈ গৈছে

বহুজনেই কোৱা—
“এতিয়া আমাৰ আগত দুটা পথ—ঋণত ডুবি মৰণ,অথবা আত্মহত্যা কৰা।”

অন্যফালে, অভিযোগ উঠিছে—

মন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰক সম্পূৰ্ণ পেমেন্ট?

সূধীৰ মল্লা বুজাৰবৰুৱা — কথিতভাৱে মন্ত্ৰীৰ আত্মীয়

বৰপেটা বিভাগত ₹৮৭ লাখ সম্পূৰ্ণ পেমেন্ট

গজেন কলিতা (DKS Associates)

টংলা আৰু যোৰহাট বিভাগৰ পৰা ₹১০০ কোটিৰ ওপৰত বিল নিষ্কাশন

অভিযোগ — ৩% কমিচন দিয়াৰ বিপৰীতে পেমেণ্ট

PHED–ৰ বহু সদস্যই এই সমগ্ৰ ঘটনাক “কমিচন চিণ্ডিকেট” বুলি অভিহিত কৰিছে।

কেন্দ্ৰই ধন বন্ধ কৰাত— অসমত জলজীৱন মিছন প্ৰায় স্থবিৰ

জলজীৱন মিছনৰ নিম্নমান, আর্থিক অনিয়ম আৰু অসম্পূৰ্ণ কামৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে অসমলৈ প্ৰদান কৰা ধন স্থগিত কৰিছে।
ফলত —

বহু ঠিকাদাৰ দেউলিয়া হোৱাৰ উপকণ্ঠলৈ

ইঞ্জিনীয়াৰসকলক ধন নোহোৱাকৈ অসম্ভৱ কাম আগবঢ়াবলৈ ভয়ানক চাপ

বহু গাঁৱত পাইপলাইন, টেংকি, মিছন সব আয়োজন সম্পূৰ্ণ—কিন্তু পানী একটুপো নাই

স্থানান্তৰ–পদোন্নতিতো লাখ লাখ টকাৰ লেনদেন?

ইঞ্জিনীয়াৰসকলৰ অভিযোগ —

ভাল পোস্টিং/পদোন্নতিৰ বাবে ₹১০–₹১৫ লাখ লৈছিল

মধ্যস্থ লোক আৰু বিশেষ contractor–ৰ জৰিয়তে টকা আদান-প্ৰদান হয়

সকলেও কয় —
“দপ্তৰ সমূহত এটা সমান্তৰাল লুট ব্যৱস্থা গঢ়ি উঠিছে।”

কংগ্ৰেছৰ প্ৰতিবাদ: চাহ বাগিচা–গাঁও গাঁওলৈ জনজাগৰণ

আৰম্ভ হোৱা এই প্ৰতিবাদৰ অংশৰূপে—

প্ৰথম দফাত শোণিতপুৰ আৰু নগাঁওত তীব্ৰ প্ৰতিবাদ

২০ ডিচেম্বৰলৈ সমগ্ৰ ৰাজ্যত চাহ বাগিচা, গাঁও এলেকা, ৰাজপথত ৰাজ্যব্যাপী জনসভা অনুষ্ঠিত হ’ব

কংগ্ৰেছৰ মতে —
“জলজীৱন মিছন নোহ’ল—ই জলবিহীন মিছনত পৰিণত হৈছে।”

গৌৰৱ গগৈৰ তীব্ৰ আক্রমণ

লোকসভাত গৌৰৱ গগৈয়ে কয়—
“ঠিকাদাৰে বিল নোপোৱাৰ বাবে হাজাৰ হাজাৰ পৰিয়াল দুখত। কমিচন চিণ্ডিকেটৰ বাবে আঁচনি মাৰ খাইছে। গাঁৱত পানী নাই — কিন্তু কিছুমানে নিজৰ পকেট ভৰাইছে ।”

ৰাইজৰ ওপৰত ভয়ংকৰ প্ৰভাৱ: শুকান পাইপলাইন, বিফল আঁচনি

শদিয়াৰ পৰা ধুবুৰী
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ—

অসমৰ বহু গাঁওত—পাইপলাইন স্থাপন , টেংকি নিৰ্মাণ সকলো হ’ল— কিন্তু পানী নাহে।

গাঁওবাসীৰ ভাষ্য —

“পাইপ শুকান, গাঁও শুকান—কিন্তু কেইজনক যেন কালেই শুকাই নাপায়!”

‘শুদ্ধ ৰাজনীতি’ৰ প্ৰতিচ্ছবিত লগা এইয়া গভীৰ দাগ

দলটোৰ শীৰ্ষ সূত্ৰৰ ভাষ্য —
“স্বজনপোষণ, কমিচন লেনদেন, দপ্তৰীয় অপব্যৱস্থা—এই সকলোই জলজীৱন মিছন ব্যর্থ কৰাৰ মূল কাৰণ। ৰাইজৰ দুখ–বেদনাৰ সমভাগী হৈ কংগ্ৰেছে প্ৰতিবাদী অভিযান আৰম্ভ কৰিছে।”

Leave a Comment