বিজেপিক প্ৰত্যাহ্বান জনাই একত্ৰিত হ’ল বিৰোধী !কংগ্ৰেছৰ আহ্বানত হিমন্ত বিশ্বক ক্ষমতাচ্যুত কৰাৰ লক্ষৰে ৭ ৰাজনৈতিক দলৰ বৈঠক

বিজেপিক প্ৰত্যাহ্বান জনাই একত্ৰিত হ’ল বিৰোধী !কংগ্ৰেছৰ আহ্বানত হিমন্ত বিশ্বক ক্ষমতাচ্যুত কৰাৰ লক্ষৰে ৭ ৰাজনৈতিক দলৰ বৈঠক

অসম বিধান সভাৰ নিৰ্বাচন সমাগত ৷আৰু অনাগত নিৰ্বাচনত বিজেপিক পৰাভূত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰোৱাৰ লক্ষৰে একত্ৰিত হ’ল বিৰোধী৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বুধবাৰে অসমৰ সাতটা প্ৰতিপক্ষ দলৰ নেতাসকলৰ সৈতে এখন বৈঠক আৰম্ভ কৰে।
প্রায় দুই ঘণ্টাৰ আলোচনাৰ অন্তত অসমৰ দায়িত্বাধীন AICC মহাসচিব জিতেন্দ্র সিং আৰু APCC ৰ সভাপতি সাংসদ  গৌৰৱ গগৈয়ে এখন সংবাদমেলো আয়োজন কৰে। গগৈয়ে কয় যে— ৰাইজৰ দল, অসম জাতীয় পৰিষদ (AJP), আঞ্চলিক গণ মঞ্চ, CPM, CPI, CPI(ML)ৰ নেতাসকলে কংগ্ৰেছৰ আয়োজন কৰা বৈঠকত অংশগ্ৰহণ কৰিছিল। সকলো পক্ষই অসমবাসীক বৰ্তমান চৰকাৰৰ শোষণ আৰু  দূর্নীতি তথা অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ বিজেপিৰ বিৰুদ্ধে এটি জোট গঠন কৰাৰ বিষয়ে একমত হয়। গগৈয়ে আৰু ইয়াৰ লগতে কয় যে , বিৰোধী দলসমূহৰ মাজত ভৱিষ্যতৰ আলোচনাৰ বিৱৰণ উপযুক্ত সময়ত ৰাইজক জনোৱা হ’ব৷
সমান্তৰালভাৱে , AICCৰ সাধাৰণ সম্পাদক যতীন্দ্ৰ সিংয়ে কয় যে— সকলো প্ৰতিপক্ষ শক্তি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অবিচাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে আৰু অসমৰ নতুন “জনগণ চৰকাৰ” গঢ়াৰ প্ৰতিশ্ৰুতি দিছে।
বিধায়ক মনোৰঞ্জন তালুকদাৰ, অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ সৈতে নেতাসকলে মিলি ঘোষনা কৰিছে যে সকলো সাতটা পাৰ্টিয়ে ২০২৬ চনৰ নিৰ্বাচন একেলগে নিৰ্বাচনী যুঁজত নামিব।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সভাপতিত্বত হোৱা এই বৈঠকখন অসমৰ বিধানসভাৰ কংগ্ৰেছ বিধায়ক দলৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।
বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়া আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা সাংসদ ৰকিবুল হুছেইনো উপস্থিত থাকে এই বৈঠকত ৷ বৈঠকৰ পিছত গৌৰৱ গগৈয়ে জনায় যে , অসমৰ নাগৰিকৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিবলৈ “ৰাইজৰ পদুলিত, ৰাইজৰ কংগ্ৰেছ” শীৰ্ষক এটা নতুন  অভিযান আৰম্ভ কৰিব। তেওঁ কয়, “কংগ্ৰেছৰ নেতাসকলে অসমৰ প্ৰতিটো  কোণলৈ, চাহ বাগিছা পৰা পাহাৰ আৰু জনজাতিয় অঞ্চললৈ গৈ প্ৰায় নাগৰিকৰ গৃহত ৰাতি কটাই মানুহৰ আচল সমস্যা বুজিবলৈ চেষ্টা কৰিব।তেওঁ লগতে ক’লে যে সকলো  অঞ্চলতে বিশেষ জনসভা আয়োজন কৰা হ’ব, য’ত কেৱল দলৰ সদস্যহে নহয়, সামাজিক কৰ্মী, বুদ্ধিজীৱী, লেখক আৰু অৰ্থনীতিবিদসকলো উপস্থিত থাকিব, যাতে অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰাধান্য বিষয়ত মতামত সংগ্ৰহ কৰিব পৰা যায়।
গগৈয়ে উল্লেখ কৰে যে বৈঠকত ভোট চুৰি কাণক  লৈও আলোচনা কৰা হৈছিল। কংগ্ৰেছৰ ফালৰ পৰা ইতিমধ্যে ৰাজ্যৰ প্ৰায় ২৯,০০০ টা বুথত ৮০–৯০% বুথ পৰ্যায়ৰ এজেন্ট (BLA) নিযুক্তি দিয়া হৈছে। লগতে বুথ কমিটি নিৰ্মাণ কৰা হৈছে, আৰু এই মাহৰ শেষলৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছে কংগ্ৰেছে৷
১৮ নৱেম্বৰ, ২০২৫ তাৰিখে কংগ্ৰেছ গুৱাহাটীখনত বিশেষ সংগীত অনুষ্ঠান অনুষ্ঠিত কৰিব যাক “কাঞ্চনজংঘা – সংস্কৃতি হওক মৈত্ৰীৰ মন্ত্র”  বুলি শিৰোনাম দিয়া হৈছে, য’ত মহাশিল্পী জুবিন গাৰ্গৰ জন্ম বাৰ্ষিকী পালিত হ’ব। গাৰ্গৰ প্ৰকৃতিৰ প্ৰেমৰ প্ৰতি সন্মান হিচাপে, বিশেষকৈ তেওঁৰ নাহৰ গছৰ প্ৰতি তেওঁৰ ভালপোৱালৈ লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যত সেই দিনটোত প্ৰতিটো বুথতে নাহৰ পুলি ৰোপণ অভিযান আৰম্ভ  কৰা হ’ব। গৌৰৱ গগৈয়ে উল্লেখ কৰে যে বৈঠকত লোৱা অন্যান্য সিদ্ধান্তসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।
ইতিমধ্যে বিৰোধীৰ বৈঠককে বিশেষ চৰ্চা লাভ কৰিছে সকলোতে৷ মুখ্যমন্ত্ৰীয়েও শংকিত হৈ সাংবাদক মাধ্যমত বিৰূপ মন্তব্যও কৰা দেখা গৈছে৷ কিন্তু বিৰোধী ঐক্যমঞ্চই যে মুখ্যমন্ত্ৰীক এইবাৰ নিৰ্বাচনত বাৰুকৈয়ে প্ৰত্যাহ্বান জনাব সেইয়া নিশ্চিত৷

Leave a Comment