শিক্ষাৰ্থীৰ পক্ষত গৌৰৱ গগৈ— তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সলনিৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

শিক্ষাৰ্থীৰ পক্ষত গৌৰৱ গগৈ— তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সলনিৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

অসম তথা ভাৰতবৰ্ষৰে বহু শিক্ষাৰ্থীৰ ভৰষাৰস্থলী শিক্ষানুষ্ঠান যেনে তেজপুৰ বিশ্ববিদ্যালয়, NEHU আৰু গুৱাহাটী বিশ্ববিদ্যালয় নেতিবাচক কাৰণত বাতৰিৰ শিৰোনামালৈ অহা দেখা গৈছে।শিক্ষাৰ্থীসকলক উপাচাৰ্যসকলৰ নেতিবাচক কাৰ্যকলাপে বাৰুকৈয়ে অসন্তুষ্ট কৰা দেখা গৈছে। তেওঁলোক শিক্ষাৰ্থীসকলৰ পক্ষত থকাতকৈ চৰকাৰৰ পক্ষত থাকি কাম কৰা দেখা গৈছে , যাৰ ফলত শিক্ষাৰ্থীসকলৰ স্বাৰ্থ বিঘ্নিত হৈছে৷

তেজপুৰ বিশ্ববিদ্যালয়েই হওঁক বা গুৱাহাটী বিশ্ববিদ্যালয়েই হওঁক, শিক্ষাৰ্থীসকলে উপাচাৰ্য সন্দৰ্ভত সৃষ্টি হোৱা অসন্তুষ্টি বাৰে বাৰে মুখ্যমন্ত্ৰীক জনোৱাৰ পিছতো তেওঁ কোনো কাণসাৰ দিয়া নাই৷ শৈক্ষিক উৎকৰ্ষৰ কেন্দ্ৰস্বৰূপ এই বিশ্ববিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকবৃন্দৰ অসন্তুষ্টিয়ে বিশ্ববিদ্যালয়সমূহৰ কাৰ্যদক্ষতা আৰু ৰেংকিঙতো প্ৰভাৱ পেলাইছে।

চৰকাৰে আওকাণ কৰি থকা এই তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়টিক লৈ বিৰোধী দলপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন প্ৰত্ৰ প্ৰেৰণ কৰে। লগতে এই বিষয় সন্দৰ্ভত আগন্তুক সংসদৰ অধিবেশনত গুৰুত্বসহকাৰে উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে। লগতে প্ৰত্ৰৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা ইতিবাচক প্ৰতিক্ৰিয়াৰ আশা কৰে বুলিও জনায় নেতাগৰাকীয়ে৷ আগন্তুক সময়ত চৰকাৰে ৰাইজৰ সমস্যাক নিজৰ সমস্যা বুলি ভাবি সমাধান কৰাত কিমান গুৰুত্ব দিয়ে সেইয়াহে চিন্তনীয় হ’ব৷

Leave a Comment