গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: বিৰোধী দলৰ নেতা তথা নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত সইকীয়াই কৈছে যে বিজেপি চৰকাৰৰ কল্যাণমূলক আঁচনিৰ লাভ বিতৰণৰ ৰাজনীতি আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে কোনো ক্ষতিৰ কাৰণ নহ’ব।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কথা কৈ সইকীয়াই কয়, “হিতাধিকাৰী ৰাজনীতিয়ে কংগ্ৰেছৰ নিৰ্বাচনী সম্ভাৱনাক প্ৰভাৱিত নকৰে। মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে আঁচনিসমূহ দুখীয়া লোকৰ বাবে। দুখীয়াই সেই সুবিধা গ্ৰহণ কৰিছে, কিন্তু তেওঁলোকে নিজৰ বিবেক বিক্ৰী কৰা নাই।”
তেওঁ অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনৰ ওপৰত গুৰুত্ব নিদি কেৱল নিৰ্বাচনী ৰাজনীতিত মনোনিবেশ কৰিছে। কিন্তু ভোটাৰে এই “ভোট কিনাৰ” প্ৰয়াস সহজে বুজি পায় বুলি তেওঁ মন্তব্য কৰে। নলবাৰী আদি জিলাৰ উদাহৰণ দি সইকীয়াই কয়, কংগ্ৰেছৰ জনসভাত বেছিভাগেই দুখীয়া লোকৰ উপস্থিতি দেখা যায়। “যেতিয়া তেওঁলোকে আমাৰ সভালৈ আহে, তেতিয়া বুজি পায় যে বিজেপিয়ে তেওঁলোকক কিনিব বিচাৰিছে। কিন্তু তেওঁলোকে বিক্ৰী হ’বলৈ ৰাজি নহয়,” সইকীয়াই কয়।
নাজিৰা আৰু স্থানীয় সমস্যা
নিজ সমষ্টি নাজিৰাত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা থকা সইকীয়াই কয়, বিৰোধী দলত থাকি নিৰ্বাচন খেলা কঠিন যদিও চৰকাৰৰ “দ্বিচাৰিতা” তেওঁৰ প্ৰচাৰৰ মুখ্য বিষয় হ’ব।
“জুবিন গাৰ্গৰ ন্যায় দাবী হওক বা খিলঞ্জীয়া ভূমি বিক্ৰীৰ প্ৰচেষ্টা—এই সকলোবোৰ নাজিৰাৰ গুৰুত্বপূৰ্ণ বিষয়,” তেওঁ কয়। ৰাজ্য চৰকাৰৰ মিছন বসুন্ধৰা আঁচনি সন্দৰ্ভত সইকীয়াই অভিযোগ কৰে যে প্ৰথম পৰ্যায়ত প্ৰায় ৭ হাজাৰ আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় ৪ হাজাৰ আবেদন পোৱা হৈছিল যদিও মাত্ৰ ১,৫০০ জনক মাটিৰ পট্টা দিয়া হৈছে। “এই চৰকাৰখন বাহিৰে চকচকীয়া, ভিতৰত একো নাই,” তেওঁ অভিযোগ কৰে।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সৈতে তুলনা কৰি তেওঁ কয় যে কংগ্ৰেছৰ সময়তো লোকক মাটি দিয়া হৈছিল, যদিও তেতিয়া ‘মিছন বসুন্ধৰা’ নাম দিয়া হোৱা নাছিল। “বিজ্ঞাপন দিয়াত তেওঁলোক আগ্ৰহী, কিন্তু সেইটো সদায় বাস্তৱত ৰূপায়িত নহয়,” সইকীয়াই কয়।
বিৰোধী ঐক্যৰ আলোচনা
ইফালে, বিৰোধী ঐক্য গঠনৰ সন্দৰ্ভত আলোচনা তীব্ৰ হৈছে। কংগ্ৰেছে প্ৰাক্তন এপিচিচি সভাপতি ভূৱন বৰা আৰু ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনক আসন বণ্টনৰ আলোচনাৰ দায়িত্ব অৰ্পণ কৰিছে।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই সিদ্ধান্তক স্বাগতম জনাই কয়, “ভূৱন বৰাক দায়িত্ব দিয়া হৈছে বুলি আমি সুখী। তেওঁ আজি ৰাতিপুৱা মোৰ সৈতে কথা পাতি শীঘ্ৰে বৈঠক অনুষ্ঠিত হ’ব বুলি আশ্বাস দিলে। তেওঁ বাস্তৱবাদী নেতা, তেওঁৰ নেতৃত্বত বিৰোধী ঐক্য শীঘ্ৰে বাস্তৱ ৰূপ ল’ব বুলি আমি আশা কৰোঁ।”
এপিচিচি সভাপতি গৌৰৱ গগৈয়েও নিশ্চিত কৰে যে ভূৱন বৰা আৰু ৰকিবুল হুছেইনক এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান সূত্ৰ উলিয়াবলৈ দায়িত্ব দিয়া হৈছে।