নতুন দিল্লী, ১১ ফেব্ৰুৱাৰী: লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে লোকসভাত অভিযোগ কৰে যে এনডিএ চৰকাৰে ভাৰত–আমেৰিকা অন্তৰ্বর্তী বাণিজ্য চুক্তিত স্বাক্ষৰ কৰি দেশৰ শক্তি সুৰক্ষা, তথ্য সুৰক্ষা আৰু কৃষকৰ ভৱিষ্যৎক গুৰুতৰভাৱে বিপন্ন কৰিছে।
ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ প্ৰস্তাৱত কথা ক’বলৈ বাধা পোৱাৰ পাছত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা সময়ত ৰাহুল গান্ধীয়ে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, “ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমাৰ কৃষকসকলে ডাঙৰ ধুমুহাৰ সন্মুখীন হৈছে। আপোনালোকে আমেৰিকাৰ বৃহৎ যান্ত্ৰিক খেতি ব্যৱস্থাক পথ মুকলি কৰি আমাৰ সৰু কৃষকসকলক ধ্বংসৰ দিশে ঠেলি দিছে। এইটো লজ্জাজনক।”
ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে চৰকাৰে আমেৰিকাক ভাৰতৰ বিত্তীয় ব্যৱস্থাক নিজৰ বিৰুদ্ধে ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ দিছে। “আপোনালোকে আমাৰ তথ্য বিদেশী শক্তিৰ হাতত গতাই দিছে। এইবোৰ কথা ক’বলৈ আপোনালোক লাজ নালাগে নেকি?” তেওঁ প্ৰশ্ন তোলে।
ইয়াৰ উত্তৰত সংসদীয় কাৰ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ “ভিত্তিহীন আৰু মিছা অভিযোগ”ৰ বাবে তেওঁৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগ প্ৰস্তাৱ (Privilege Motion) উত্থাপন কৰা হ’ব।
‘আমাক সমান অংশীদাৰ হিচাপে ব্যৱহাৰ কৰক’
ৰাহুল গান্ধীয়ে কয়, যদি ইণ্ডিয়া মিত্ৰজোঁট আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত বহিলেহেঁতেন, তেন্তে আমেৰিকাক ভাৰতক সমান অংশীদাৰ হিচাপে গণ্য কৰিবলৈ বাধ্য কৰালেহেঁতেন।
“প্ৰথমে আমি ক’লেহেঁতেন—এই সমীকৰণত আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈছে ভাৰতীয় তথ্য। যদি আমেৰিকাই ডলাৰ সুৰক্ষিত ৰাখিব বিচাৰে, তেন্তে ভাৰতীয় তথ্যৰ গুৰুত্ব বুজিব লাগিব। দ্বিতীয়তে, আমি স্পষ্টকৈ ক’লেহেঁতেন—আমাক দাসৰ দৰে ব্যৱহাৰ নকৰিব, সমান অংশীদাৰ হিচাপে ব্যৱহাৰ কৰক। তৃতীয়তে, আমি ক’লেহেঁতেন—আপোনালোকৰ দৰে আমিও আমাৰ কৃষকসকলক সুৰক্ষা দিব,” তেওঁ কয়।
তেওঁ লগতে কয়, “ভাৰতৰ শক্তি সুৰক্ষা আমাৰ বাবে আপোচ অযোগ্য। তেল ক’ৰ পৰা কিনিব সেই সিদ্ধান্ত আমেৰিকাই ল’ব—এইটো আমি মানি নলওঁ।”
চৰকাৰৰ ওপৰত ‘চাপ’ৰ অভিযোগ
ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে কিছুমান উদ্যোগপতিৰ ক্ষেত্ৰত আমেৰিকাৰ ন্যায় বিভাগৰ গোচৰত নাম উল্লেখ থকাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওপৰত প্ৰত্যক্ষ চাপ আছে। “চাপ নাথাকিলে কোনো প্ৰধানমন্ত্ৰীয়ে এনে সিদ্ধান্ত নলয়,” তেওঁ দাবী কৰে।
ইয়াৰ পাছত সংসদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপি সদস্যসকলে ৰাহুল গান্ধীৰ অভিযোগক ভিত্তিহীন বুলি আখ্যা দিয়ে আৰু প্ৰমাণ দিবলৈ দাবী তোলে।
‘কৃষকৰ ওপৰত বিপৰ্যয়’
ৰাহুল গান্ধীয়ে কয়, এই চুক্তিৰ ফলত ভাৰতৰ কৃষকসকল গভীৰ সংকটৰ সন্মুখীন হৈছে। “হাজাৰ হাজাৰ একৰ মাটিত যান্ত্ৰিক কৃষি কৰা আমেৰিকান খেতিপথাৰৰ আগমন আমাৰ সৰু কৃষকসকলৰ বাবে ধ্বংসাত্মক,” তেওঁ কয়।
তেওঁ লগতে দাবী কৰে যে এই চুক্তিৰ ফলত ভাৰতীয় বস্ত্ৰ উদ্যোগ ধ্বংস হৈছে, শক্তি সুৰক্ষা আমেৰিকাৰ হাতত গতাই দিয়া হৈছে আৰু কৃষকৰ স্বাৰ্থ বিসৰ্জন দিয়া হৈছে।
শুল্ক ব্যৱস্থাৰ প্ৰভাৱ
ৰাহুল গান্ধীয়ে কয়, পূৰ্বে আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত গড়ে ৩% শুল্ক আৰোপ কৰিছিল, যিটো এতিয়া বৃদ্ধি হৈ ১৮% হৈছে। আনহাতে ভাৰতলৈ আমেৰিকাৰ আমদানি ৪৬ বিলিয়ন ডলাৰৰ পৰা ১৪৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব, যিটো একেবাৰে অবাস্তৱ।
“আমাৰ ওপৰত শুল্ক ৩%ৰ পৰা ১৮%লৈ বৃদ্ধি হৈছে, কিন্তু আমেৰিকাৰ ওপৰত আমাৰ শুল্ক ১৬%ৰ পৰা শূন্যলৈ নামি গৈছে,” তেওঁ কয়।