মুখ্যমন্ত্ৰীৰ কৰ্মকাণ্ড, কেলেংকাৰী কংগ্ৰেছৰ বাবে সহায়ক হৈছে দেশৰ ৰাজধানীত সাধাৰণ ৰাইজৰ নিৰাপত্তা নোহোৱা হোৱাটো পৰিতাপৰ কথা ৷মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা এতিয়া কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰত পৰিণত হোৱা বুলি আজি কটাক্ষ কৰে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমক আজি গগৈয়ে কয়- ‘মুখ্যমন্ত্রীৰ কর্মকাণ্ড, বিত্তীয় কেলেংকাৰী, বিভিন্ন দিশত প্রদর্শন কৰা ব্যর্থতা কংগ্ৰেছ দলৰ বাবে সহায়ক হৈ পৰিছে। মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে আজি অসমৰ নৱপ্রজন্ম, বৌদ্ধিক সমাজ, মহিলা সমাজ, কর্মচাৰী সমাজকে ধৰি সকলো ক্ষুব্ধ হৈ পৰিছে। সকলোৱে আজি নতুন অসম বিচাৰিছে। পৰৱৰ্তী সময়ত অসমত কংগ্ৰেছ চৰকাৰ গঠনৰ মূল কাৰণটোর হ’ব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰত পৰিণত হিমন্তবিশ্ব শর্মা।ইপিনে দিল্লীত বোমা বিস্ফোৰণ সংঘটিত হোৱা কার্যক দুর্ভাগ্যজনক আখ্যা দি প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়- ‘দেশৰ ৰাজধানী চহৰখনতে যদি সাধাৰণ লোকৰ নিৰাপত্তা নোহোৱা হয় তেন্তে আন প্রান্তত কি হ’ব? দিল্লীত আজি নিৰীহ লোকে প্রাণ হেৰুৱাবলগীয়ালগীয়া হৈছে। আই বি, ই ডি তথা চোৰাংচোৱা সংস্থাসমূহ ক’লৈ গ’ল? বিজেপি চৰকাৰে এদিন পেহেলগামলৈ যাবলৈ ৰাইজক আহ্বান জনাইছিল। বিজেপিৰ কথা শুনি তালৈ পর্যটক গৈছিল। কিন্তু চৰকাৰে পৰ্যটকসকলক নিৰাপত্তা দিব নোৱাৰিলে।’ দিল্লীৰ বিস্ফোৰণত জড়িতসকলক আটক কৰি কঠোৰ শাস্তি প্রদান কৰিবলৈ গৌৰৱ গগৈয়ে দাবী জনায়।
কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰত পৰিণত হৈছে মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা