গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: অসম আৰক্ষীয়ে ৰাজ্যিক বিজেপিয়ে আপলোড কৰি পাছত deleted কৰা এক বিতৰ্কিত ভিডিঅ’ সন্দৰ্ভত কংগ্ৰেছ নেতাসকলৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদৰী কৰে। সংবাদমেলত তেওঁ লগতে কয় যে, এই একেটা বিষয়ত এজন বিজেপি কৰ্মীয়েও পৃথকভাৱে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।
“কংগ্ৰেছে এই সন্দৰ্ভত গোচৰ দাখিল কৰিছিল আৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। একেদৰে আমাৰ এজন বিজেপি কৰ্মীয়েও এই বিষয়টোত গোচৰ দাখিল কৰিছে,” মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখযোগ্য যে, পাছত deleted কৰা এই ভিডিঅ’টোত মুখ্যমন্ত্ৰীক ৰাইফল লৈ লক্ষ্য কৰি দুজন ব্যক্তিৰ দিশে গুলী চলোৱা দেখা গৈছিল, য’ত এজন ব্যক্তিয়ে টুপী পিন্ধিছিল আৰু আন এজনৰ দাড়ি আছিল। ভিডিঅ’টোৰ সৈতে “point-blank shot” বুলি কেপশ্যন দিয়া হৈছিল। এই AI-নিৰ্মিত ভিডিঅ’টো ৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৰাজ্যিক বিজেপিৰ অফিচিয়েল X (পূৰ্বৰ টুইটাৰ) একাউণ্টত আপলোড কৰা হৈছিল, কিন্তু তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ পাছত ইয়াক deleted কৰা হয়।
এই সন্দৰ্ভত ১০ ফেব্ৰুৱাৰীত কংগ্ৰেছ বিধায়ক শিৱমণি বৰা আৰু দিগন্ত বৰ্মণে দিছপুৰ আৰক্ষী থানাত ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
মুখ্যমন্ত্ৰীয়ে কয় যে, বিজেপি দল হিচাপে আৰু তেওঁ ব্যক্তিগতভাৱে অসমীয়া মুছলমান সমাজৰ বিৰুদ্ধে কোনো ধৰণৰ বিদ্বেষমূলক কাৰ্যকলাপক সমৰ্থন নকৰে।
“আমি অসমীয়া মুছলমানৰ বিৰুদ্ধে নহয়, আমি বাংলাদেশী অনুপ্ৰৱেশকাৰী তথা মিয়া মুছলমানৰ বিৰুদ্ধে। ভিডিঅ’টোত ব্যৱহাৰ কৰা ছবিখনে বাংলাদেশী আৰু ভাৰতীয় মুছলমানৰ মাজৰ পাৰ্থক্যটো স্পষ্ট কৰিব লাগিছিল,” তেওঁ দাবী কৰে।