ন্যায্য প্ৰাপ্যৰ দাবীৰে ৰাজ্যজুৰি বিক্ষোভ অব্যাহত ৰাখিছে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে। চাকৰি নিয়মীয়াকৰণ, সমকামৰ সমবেতনৰ দাবীৰে ৰাজ্যৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে কার্যালয়ে ঠিকাভিত্তিক কর্মীসকলে অব্যাহত ৰাখিছে কর্মবিৰতি আৰু ধর্মঘট। বিগত তিনি দিনে কামৰ পৰা বিৰত থাকি এইসকল কৰ্মচাৰীয়ে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰখাত স্তব্ধপ্রায় হৈ পৰিছে সকলহ৷ এনে সময়ত ৰাজ্যৰ ভিন্ন দল-সংগঠনৰ সমান্তৰালভাৱে চৰকাৰৰ ভিন্ন বিভাগৰ কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে প্রতিবাদ। এইচ এম কর্মচাৰী, টিউটৰসকল, গৃহৰক্ষী জোৱানসকলে বিগত সময়ছোৱাত প্রতিবাদী কিার্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে বিগত তিনি দিন কর্মবিৰতি আৰু ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পঞ্চায়ত আৰু গ্রামোন্নয়নৰ ঠিকাভিত্তিক কর্মচাৰীসকলে।বছৰ বছৰ ধৰি চৰকাৰী পক্ষই প্রদর্শন কৰি অহা অনীহা-বঞ্চনাই এনে পর্যায় পাইছে যে এইবাৰ ন্যায় নোপোৱালৈকে কামত যোগদান নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ঠিকাভিত্তিত কাম কৰি থকা এইসকল কর্মীয়ে। ঘোষণা কৰিছে অনির্দিষ্টকালীন ধর্মঘট আক কর্মবিৰতি। উল্লেখযোগ্য যে ৰাজ্যজুৰি পঞ্চায়তসমূহত কৰ্মৰত আঠ হেজাৰ পঞ্চায়ত কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, সমকামৰ সমবেতন, ৬০ বছৰলৈ চাকৰি কাল বৃদ্ধি, বছবি দহ শতাংশকৈ বেতন বৃদ্ধি, দৰমহাৰ স’তে অতিৰিক্ত ত্রিশ হেজাৰ টকাকৈ বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰ ভিত্তিত বিগত তিনি দিন ধৰি অব্যাহত আছে অৱস্থান ধর্মঘট আৰু কর্মবিৰতি। কামৰ পৰা আঁতৰি কৰ্মচাৰীসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাত স্তব্ধপ্রায় হৈ পৰিছে পঞ্চায়তসমূহৰ কাম-কাজ। পঞ্চায়ত আৰু গ্রামীণ উন্নয়ন ঠিকাভিত্তিক কর্মচাৰী সংস্থাৰ আহ্বানত যোৱা ১১ নৱেম্বৰৰ পৰা খণ্ড উন্নয়ন বিষয়াসকলৰ কার্যালয়ত ৰূপায়িত প্রতিবাদী কাৰ্যসূচীৰ আজি অন্ত পৰাৰ কথা আছিল। কিন্তু বিগত তিনি দিনৰ প্রতিবাদী কাৰ্যসূচীক চৰকাৰী পক্ষই কোনো গুৰুত্বই প্রদান নকৰিলে। তাৰ পৰিৱৰ্তে ১১ নৱেম্বৰত বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰে হোৱা বৈঠকৰ আনুষ্ঠানিক বিৱৰণী আজিকোপতি প্রকাশ নহ’ল। অতিৰিক্ত মুখ্য সচিবে বৈঠকত মানি লোৱা বিষয়সমূহৰ ক্ষেত্ৰতো কোনো বাস্তব কার্যপন্থাই আজিলৈকে গ্রহণ কৰা নহ’ল। ফলত স্বাভাবিকতে ক্ষুব্ধ হৈ উঠিছে কর্মচাৰীসকল। সেয়ে আজি অন্ত পৰিবলগীয়া প্রতিবাদী কার্যসূচী তেওঁলোকে অনির্দিষ্ট কাললৈ চলাই যোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। প্রতিবাদী কর্মীসকলে আজি ৰাজ্যৰ প্রান্তে প্রান্তে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি কয় যে ন্যূনতম বেতনৰ বিনিময়ত কৰ্মচাৰীসকলে বিগত পোন্ধৰ-ষোল্ল বছৰে সেৱা আগবঢ়াই আহিছে। পঞ্চায়ত, গ্রামোন্নয়নৰ প্রায় সকলো কাম এইসকল কর্মচাৰীয়ে কৰিবলগীয়া হয়। অৰুণোদয়, ৰেচন কার্ড, পি এম এ বাইৰ ঘৰ সমীক্ষাকে ধৰি সকলো কাম ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰিবলগীয়া হয়। কামৰ ইমানেই বোজা বৃদ্ধি পাইছে যে সপ্তাহৰ প্ৰতিটো দিনৰ ২৪ ঘণ্টাই তেওঁলোকে কেতিয়াবা কাম কৰিবলগীয়া হয়। কিন্তু বেতনৰ ক্ষেত্ৰত তথা চাকৰি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰে। বাৰে বাৰে চৰকাৰী পক্ষই আলোচনাৰ মেজলৈ মাতি নি প্রৱঞ্চনাহে কৰে। বিশেষকৈ সর্বানন্দ সোনোৱাল চৰকাৰৰ শেষৰখন কেবিনেটত পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দাবী পূৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ২০২২ ত পঞ্চায়ত মন্ত্রী ৰঞ্জিত কুমাৰ দাসে কৰ্মচাৰীসকলৰ চাকৰি সুনিশ্চিত কৰিবলৈ বিভাগলৈ নির্দেশ প্ৰেৰণ কৰিছিল। কিন্তু সকলো ফুটুকাৰ ফেনতহে পৰিণত হ’ল। আজিপর্যন্ত কৰ্মচাৰীসকলৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত নহ’ল। প্রতিবাদী কৰ্মচাৰীসকলৰ মতে চৰকাৰে অন্য বিভাগসমূহক যিমান গুৰুত্ব দিয়ে পঞ্চায়ত আৰু গ্রামীণ উন্নয়ন বিভাগক সিমান গুৰুত্ব প্রদান নকৰে। জনসাধাৰণৰ লগত প্রত্যক্ষভাবে জড়িত বিভাগটোক অৱহেলা কৰি চৰকাৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। প্ৰতাৰণা কোনো কাৰণতে সহ্য কৰি থকা নহ’ব বুলি আজি সকীয়াই দিয়ে৷
২৪ ঘন্টা কাম কৰিও সময়ত বেতন নাপায় পঞ্চায়তৰ কৰ্মচাৰীয়ে! বিজেপি চৰকাৰৰ বিৰুদ্ধে হেজাৰ হেজাৰ কৰ্মচাৰীৰ প্ৰতিবাদ