প্ৰথমে দিল্লীত তাৰপিছত বিহাৰত পুনৰ ভোট দিলে বিজেপি নেতাই

প্ৰথমে দিল্লীত তাৰপিছত বিহাৰত পুনৰ ভোট দিলে বিজেপি নেতাই

ৰাহুল গান্ধীৰ ‘হাইড্ৰ’জেন বোমা’ৰ মাজতে বিজেপিৰ বিৰুদ্ধে পুনৰ ‘ভোট চুৰি’ৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে বিৰোধী। চলিত বৰ্ষৰ আৰম্ভণিতে দিল্লীত ভোটদান কৰাৰ পিছত একেজন বিজেপি নেতাই নৱেম্বৰ মাহত বিহাৰ বিধানসভা নিৰ্বাচনতো ভোটদান কৰা দেখা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। অৱশ্যে বিজেপিয়ে এই গুৰুতৰ অভিযোগ অস্বীকাৰ কৰি প্ৰত্যুত্তৰ দিছে।
আপ নেতা সৌৰভ ভৰদ্বাজে নিজৰ এক্স হেণ্ডেলত এক চাঞ্চল্যকৰ পোষ্ট দি ৰাকেশ সিনহা নামৰ বিজেপি নেতাই যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীত ভোটদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। বৃহস্পতিবাৰেও তেওঁক ভোটদান কৰা দেখা গৈছিল। দুখন পৃথক ভোটদানৰ ছবিও তেওঁ শ্বেয়াৰ কৰিছে।
অৱশ্যে এই অভিযোগ তৎক্ষণাত খণ্ডন কৰিছে অভিযুক্ত নেতা ৰাকেশ সিনহাই। তেওঁ দাবী কৰে যে যেতিয়া তেওঁ দিল্লীত ভোটদান কৰিছিল তেতিয়া তেওঁ তাত ভোটাৰ আছিল। কিন্তু এই মাজৰ সময়খিনিতে তেওঁ নিজৰ নাম আইনী পদ্ধতিৰে সলনি কৰি বিহাৰৰ ভোটাৰ তালিকাভুক্ত কৰিলে। দুহেজাৰ চৌবিশ চনৰ জুলাই পৰ্যন্ত ৰাজ্যসভাৰ সাংসদ হিচাপে থকা ৰাকেশে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে মানহানিৰ গোচৰ ৰুজু কৰাৰো হুংকাৰ দিছে।
ইফালে, বিৰোধীৰ এই অভিযোগ কেৱল ৰাকেশ সিনহাৰ বিৰুদ্ধে নহয়। তেওঁলোকে দাবী কৰিছে যে বিজেপিৰ দিল্লী পূৰ্বাচল মৰ্চাৰ সভাপতি সন্তোষ ওঝা আৰু দলীয় কৰ্মী নগেন্দ্ৰ কুমাৰকো দিল্লীৰ পিছত একেলগে বিহাৰত ভোটদান কৰা দেখা গৈছিল। এয়া সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটোৰ স্বচ্ছতাক লৈ এক ডাঙৰ প্ৰশ্ন।

Leave a Comment