মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰি দিছোঁ বুলি প্ৰায়েই ৰাজহুৱা স্থানত দম্ভালি মৰা দেখা যায়৷ কিন্তু নিয়োগ সৃষ্টি কৰা দূৰৰে কথা, পুৰণি নিয়োগ ক্ষেত্ৰতসমূহতো মৃত্যুঘন্টা বাজিচে হিমন্ত বিশ্বৰ দিনত৷ যেন কেৱল পুঁজিপতিৰ বাবেহে চিন্তা কৰাৰ দায়িত্ব লৈছে চৰকাৰে৷ এডভান্টেজ আছাম পাতি বহিঃৰাজ্যক ব্যৱসায়িক বেপাৰৰ সুবিধা দিয়া হিমন্ত বিশ্বৰ শাসন কালতেই অসমত চিৰদিনলৈ বন্ধ হৈ গ’ল দুখ লাখতকৈও অধিক ক্ষুদ্ৰ উদ্যোগ৷
ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (Micro, Small & Medium Enterprises – MSME) খণ্ড অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ ৷ এই খণ্ডই স্থানীয় ৰোজগাৰ সৃষ্টিৰ লগতে ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত বিশেষ ভূমিকা পালন কৰে। কৃষিৰ পাছতেই ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডই অসমত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে৷আনকি ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনত এম এছ এম ই খণ্ডই ৩০ শতাংশ অৰিহণা আগবঢ়াই আহিছে।
ৰাজ্য তথা দেশৰ বিকাশত এম এছ এম ইৰ যথেষ্ট গুৰুত্ব থকা সত্ত্বেও অসমত যোৱা পাঁচ বছৰত দুই লাখৰো অধিক ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বিলুপ্ত হৈ পৰিছে। এই তথ্যই স্বাভাৱিকতে ৰাজ্যৰ বিকাশৰ এখন নিৰাশাজনক ছবিৰ প্ৰমাণ দিছে। ভাৰত চৰকাৰৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রণালয়ৰ ২০১৯-২০ বার্ষিক প্রতিবেদন অনুসৰি ২০১৯ চনত অসমত এম এছ এম ইৰ সংখ্যা আছিল ১২ লাখ ১৪ হেজাৰ। আনহাতে, ভাৰত চৰকাৰৰ উদ্যম প’র্টেলৰ শেহতীয়া তথ্য অনুসৰি বৰ্তমান অসমত এম এছ এম ইৰ সংখ্যা ১০ লাখ ৩ হেজাৰ ১৮। অর্থাৎ যোৱা পাঁচ বছৰত ৰাজ্যখনত মৃত্যুৰ গৰাহত পৰিছে ২ লাখ ১০ হেজাৰ ৯৮২টা ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ। অসমৰ এই হতাশাজনক ছবিৰ বিপৰীতে মহাৰাষ্ট্র, কর্ণাটক, মধ্যপ্রদেশ, ৰাজস্থান, গুজৰাটকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত এম এছ এম ইৰ সংখ্যা চমকপ্রদভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
যোৱা পাঁচ বছৰত প্রায় ২.১১ লাখ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ বন্ধ হৈ পৰাৰ ফলত তিনি লক্ষাধিকে স্বনিয়োজনৰ পথ হেৰুৱাব লগা হৈছে।
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই অসমক দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছিল। কিন্তু ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ দ্রুত বিকাশ অবিহনে সেই লক্ষ্যত যে উপনীত হোৱাটো অসম্ভৱ ৷ বাস্তৱ ক্ষেত্ৰত তেওঁৰ সংকল্পৰ বিপৰীতেহে কাম কৰে৷ এইয়া ৰাজ্যৰ বাবে এক অশনি শংকেত৷
যদি সঁচাকৈয়ে নাগৰিক স্বাৰ্থক গুৰুত্ব দিয়ে তেন্তে ভাষণতকৈ ক্ষুদ্ৰউদ্যোগ পুনৰুদ্ধাৰৰ লগতে সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ বাবে পদক্ষেপ লোৱাটো অত্যন্ত গুৰুত্বপূর্ণ।