সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ গাতে লাগি আছে মন্ত্ৰী অশোক সিংহলৰ মাটি। কিছুদিন পূৰ্বে সোণাপুৰৰ ট্ৰাইবেল বেল্টত মন্ত্ৰীগৰাকীৰ বৃহৎ পৰিমাণৰ ভূ-সম্পত্তি আছে বুলি বিভিন্ন মাধ্যমত অভিযোগ উত্থাপন হৈছিল। কিন্তু এই অভিযোগৰ খণ্ডন কৰি সোণাপুৰত তেখেতৰ মাটি আছে বুলি প্ৰমাণ কৰি দিব পাৰিলে তেওঁ ৰাজনীতি ত্যাগ কৰি হিমালয়লৈ যাবগৈ বুলি প্ৰত্যাহ্বান জনাইছিল।
কিন্তু এই প্ৰত্যাহ্বানৰ পিছত শেহতীয়াকৈ এক আচৰিত তথ্য উন্মোচন হৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বান জনোৱাৰ পিছতে ৰাজহুৱা কৰা হৈছে তেওঁৰ পৰিয়াল জড়িত থকা কোম্পানী “PROTECH BUILDCON PRIVATE LIMITED”-ৰ শেহতীয়া বেলেন্স শ্বীট (২০২৩-২০২৪ বিত্তীয় বৰ্ষ)।
এই নথি অনুসৰি, কোম্পানীটোৰ ‘Note 9: Property, Plant and Equipment’ শিতানৰ ‘Own Assets’ৰ তলত স্পষ্টকৈ “Land at Sonapur” (সোনাপুৰত মাটি) বুলি উল্লেখ আছে। এই মাটিখণ্ডৰ মূল্য ১৩৪.০৬ লাখ টকা (১ কোটি ৩৪ লাখ টকা) বুলি দেখুওৱা হৈছে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, এই বিশাল ভূখণ্ড জুবিন ক্ষেত্ৰৰ একেবাৰে ওচৰতে আছে, আৰু আনকি মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়েও টিভি কেমেৰাৰ আগত এই মাটি তেওঁৰ বুলি স্বীকাৰ কৰিছে।
এই তথ্য পোহৰলৈ অহাৰ পিছতে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই সামাজিক মাধ্যমত এক দীঘলীয়া লেখা লিখিছে। তেওঁ লিখিছে, “ অশোক সিংহলে ২৪ ঘণ্টাৰ ভিতৰত এখন শপতনামা (Affidavit) যোগে অসমৰ ৰাইজক দেখুৱাওক যে— ১. তেওঁৰ, তেওঁৰ পৰিয়ালৰ বা তেওঁৰ সৈতে জড়িত কোনো কোম্পানীৰ নামত সোনাপুৰত কোনো মাটি নাই। ২. জুবিন গাৰ্গৰ ‘ক্ষেত্ৰ‘ৰ ওচৰত থকা সেই চৰ্চিত ভূমিখণ্ড তেওঁৰ নহয়।”
শইকীয়াই কয় যে যদি মন্ত্ৰীগৰাকীয়ে ‘ট্ৰাইবেল বেল্ট‘ত মাটি নাই বুলি ক’ব বিচাৰিছে, তেন্তে বেলেন্স শ্বীটত থকা ১ কোটি ৩৪ লাখ টকাৰ সোনাপুৰৰ মাটি কোনডোখৰ? তেওঁ তাৰ দাগ নম্বৰ, পট্টা নম্বৰ ৰাজহুৱা কৰক।
যদি জুবিন গাৰ্গৰ ‘ক্ষেত্ৰ‘ৰ কাষৰ মাটি মন্ত্ৰীগৰাকীৰ নহয়েই, তেন্তে সেই মাটি চৰকাৰে ‘জুবিন ক্ষেত্ৰ‘ৰ বাবে আবণ্টন দিবলৈ দাবী জনাইছে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই।
ট্ৰাইবেল বেল্টত কেনেকৈ অনা অসমীয়া অশোক সিংঘালে কিনিলে মাটি? বিজেপি মন্ত্ৰীৰ মিথ্যাচাৰ ফাদিল কৰিলে বিৰোধী নেতা দেবব্ৰত শইকীয়াই