ধাৰত ডুবিছে দেশৰ মধ্যবিত্ত ! ক্ৰমে অৱনতি ঘটিছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ — ৰিপ’ৰ্ট আৰবিআইৰ

ধাৰত ডুবিছে দেশৰ মধ্যবিত্ত ! ক্ৰমে অৱনতি ঘটিছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ — ৰিপ’ৰ্ট আৰবিআইৰ

মূল্যবৃদ্ধিয়েই হওঁক বা নিম্ন উপাৰ্জনেই হওঁক সকলোতে সমস্যাৰ সন্মুখীন মধ্যবিত্ত শ্ৰেণীটো৷ শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি ধাৰৰ বোজা বাঢ়িছে মধ্যবিত্তৰ ওপৰত৷
নৰেন্দ্ৰ মোডীৰ নতুন ভাৰতত বেংকৰ ঋণ লোৱাটো বহুত সহজ হ’লেও ডাউন পেমেণ্ট কৰিবই লাগে। আৰু তাতেই এইবাৰ মধ্যবিত্ত শ্ৰেণীটোৱে চাপত ভুগিছে। এই কাৰণেই সম্পত্তি সৃষ্টিৰ অনুপাতৰ তুলনাত এটা পৰিয়ালৰ গড় বাৰ্ষিক ঋণৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পাইছে।আৰ বি আইৰ তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে কোভিডৰ পূৰ্বৰ সময়ছোৱাৰ ক্ষেত্ৰত দেশবাসীৰ আৰ্থিক দায়বদ্ধতা বা ধাৰ-ঋণৰ হাৰ ১০২ শতাংশ বৃদ্ধি পাইছে! তাৰ বিপৰীতে সম্পত্তি সৃষ্টিৰ হাৰ কিমান বৃদ্ধি পাইছে ৪৮ শতাংশ। অৰ্থাৎ ঋণৰ পৰিমাণ দুগুণ।
এই পৰিসংখ্যা যোৱা ছবছৰৰ—২০১৯ৰ পৰা ২০২৫ চনলৈকে। লক্ষনীয় যে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ হিচাপত সম্পদ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। আৰু ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰ্থিক দায়বদ্ধতা।
বিশেষজ্ঞসকলে সদায় ঋণ অৰ্থনীতিৰ (ক্ৰেডিট ইক’নমি) পোষকতা কৰে। অৰ্থাৎ উপভোক্তা সামগ্ৰীৰ বাবে মানুহে যিমানেই বেছি খৰচ কৰিব সিমানেই সামগ্ৰীৰ চাহিদা বাঢ়িব। আৰু সেই ক্ষেত্ৰত উৎপাদন বৃদ্ধি পাব। তেতিয়াহে বজাৰ অৰ্থনীতিত ধনৰ প্ৰচলন হ’ব।
প্ৰায় ১৫০ কোটি জনসংখ্যা থকা ভাৰতত এই অংকৰ উত্তৰ মিলোৱাটো টান। ইয়াৰ মূল কাৰণ দুটা। প্ৰথমতে, দেশৰ মুঠ সম্পত্তিৰ ৯৫ শতাংশ সমাজৰ মাত্ৰ ৫ শতাংশ লোকৰ হাতত আছে।
দ্বিতীয়তে, সামাজিক সুৰক্ষাৰ অভাৱ। এজন মধ্যবিত্ত ব্যক্তিয়ে কম দৰমহাৰ চাকৰি সম্পূৰ্ণ কৰি ঘৰলৈ বেছি টকা লৈ যাব নোৱাৰে। গতিকে গোটেই জীৱন লাহে লাহে সঞ্চয় কৰে। যাতে অৱসৰৰ পিছত অসুবিধাৰ সন্মুখীন হ’ব নালাগে। কিন্তু এতিয়া মুদ্ৰাস্ফীতিৰ ফলত সঞ্চয়ৰ সুযোগ ক্ষীণ হৈ পৰিছে। অৰ্থাৎ সঞ্চয় হোৱা নাই, সম্পত্তিৰ সৃষ্টি হোৱা নাই, আনহাতে ঋণ বাঢ়িছে।
আৰ বি আইৰ তথ্য মতে, ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰ তুলনাত গড় ঋণ দুগুণ বৃদ্ধি পাইছে। জনমূৰি ঋণ ২০২৩ চনত ৩.৯ লাখ টকাৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহত ৪.৮ লাখ টকালৈ বৃদ্ধি পাইছে। আৰু এই ঋণৰ বোজাৰ ৫৫ শতাংশ ক্ৰেডিট কাৰ্ড, ব্যক্তিগত ঋণ, গাড়ী আৰু গোল্ড লোন। আৰু গৃহ ঋণ? মুঠ ঘৰুৱা ঋণৰ ২৯ শতাংশ। অৰ্থাৎ ঋণ বাঢ়ি গ’লেও সম্পদৰ সৃষ্টিত নহয়, ঘৰখন চলোৱাতহে ব্যয় কৰা হৈছে।
ক’ভিডৰ পিছৰ সময়ছোৱাত সাধাৰণ জনতাৰ ঋণৰ বোজা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। কিন্তু সেই তুলনাত সম্পদৰ সৃষ্টি হোৱা নাই। বেংকৰ নামমাত্ৰ নিশ্চিত সুতৰ পৰিৱৰ্তে মানুহে হতাশ হৈ শ্বেয়াৰ বজাৰৰ পিনে ঢপলিয়াইছে। কিন্তু তাৰপিছতো উৎপাদন খণ্ডত কিন্তু কোনো উন্নতি দেখা যোৱা নাই।গতিকে মোদীৰ দিনত যে দেশৰ মধ্যবিত্ত তথা দৰিদ্ৰ পৰিয়ালসমূহে যথেষ্ট দুৰ্ভোগৰ সন্মুখীন হ’ব সেইয়া নিশ্চিত৷

Leave a Comment