বিহাৰৰ ভোটচুৰিৰ প্ৰসংগ মাৰ নোযোৱাকৈয়ে এইবাৰ অসমত SR . সৰৱ বিৰোধি দল সংগঠনৰ প্ৰতিক্ৰিয়া

বিহাৰৰ ভোটচুৰিৰ প্ৰসংগ মাৰ নোযোৱাকৈয়ে এইবাৰ অসমত SR .  সৰৱ বিৰোধি দল সংগঠনৰ প্ৰতিক্ৰিয়া

অসমত SR ক লৈ সৰব দেৱব্ৰত শইকীয়া, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ

সমাগত বিধানসভা নিৰ্বাচনত, সোমবাৰে নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ (এছ আৰ)ৰ নিৰ্দেশ দিয়ে আৰু ২০২৬ চনৰ ১ জানুৱাৰী তাৰিখটোক যোগ্যতা হিচাপে ঘোষণা কৰে। কিন্তু এনে সময়তে SR প্ৰসংগক লৈ সৰব হৈ পৰিছে বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম জাতীয়তাবাদী পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তথা ৰাইজৰ দলৰ অখিল গগৈ।

বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই SR ক লৈ নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। তেওঁৰ মতে কিছুমান কাণ্ড-জ্ঞানহীন বিষয়াক প্ৰধানমন্ত্ৰী মোডীয়ে বিষয়বাব দি থৈছে আৰু অসমখনক ৰক্ষা কৰাৰ বাবে কংগ্ৰেছ তথা বিৰোধী দলসমূহে ইয়াৰ এটা ভাল পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ লগতে উল্লেখ কৰে যে বিজেপিৰ এনে নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা উচিত।
NRC সম্পূৰ্ণ নোহোৱাকৈ অসমত SR নকৰিবলৈ দাবী জনাইছে লুৰিণজ্যোতি গগৈয়ে। উত্তৰ প্ৰদেশ বা বহিঃৰাজ্যৰ পৰা অহা ভোটাৰে অসমত ভোটদান কৰিব পৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে অসম জাতীয়তাবাদী পৰিষদৰ সভাপতিগৰাকীয়ে। তেওঁৰ মতে এনে কাৰ্যই অসমৰ খিলঞ্জীয়া লোকৰ বাবে বিপদ মাতিব পাৰে। অসমত SR বলবৎ কৰাৰ লগে লগে ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।

এক সংবাদমেল যোগে SR ৰ বিৰোধিতা কৰে অখিল গগৈয়ে। নিৰ্বাচন আয়োগ বিজেপি চৰকাৰৰ এজেন্ট বুলি মন্তব্য প্ৰকাশ কৰি কয় যে ভোটাৰ তালিকাৰ বিশেষ সংশোধন হৈছে ভোট চুৰিৰ এক ডাঙৰ অভিসন্ধি। বহিঃৰাজ্যৰ ভোটাৰে অসমত ভোটাধিকাৰ সাব্যস্ত কৰাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে।

উল্লেখ্য যে বিহাৰৰ নিৰ্বাচন আৰু ভোট চুৰিৰ বিৰুদ্ধেও মন্তব্য প্ৰকাশ কৰে নেতাকেইগৰাকীয়ে। তেওঁলোকৰ মতে SR ৰ জৰিয়তে এক ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে।

Leave a Comment