গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ সভাপতি গৌৰৱ গগৈয়ে ২৮ ফেব্ৰুৱাৰীত অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যখনত চৰকাৰী সামাজিক কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ বহু মহিলাক বিজেপিৰ সভা-সমাৱেশত অংশগ্ৰহণ কৰিবলৈ জোৰজবৰদস্তি কৰা হৈছে।
শিৱসাগৰ জিলাত কংগ্ৰেছৰ নেতৃত্বত চলি থকা ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ৰ সময়ত একাধিক জনসভাত ভাষণ দি গগৈয়ে কয়, কংগ্ৰেছ শাসনলৈ আহিলে বৰ্তমানৰ সামাজিক কল্যাণমূলক আঁচনিসমূহ পুনৰ্বিবেচনা কৰি অধিক ফলপ্ৰসূ আৰু জনমুখী কৰি তোলা হ’ব, যাতে কোনো ৰাজনৈতিক চাপ নোহোৱাকৈ মহিলাসকলে সৰ্বাধিক সুবিধা লাভ কৰিব পাৰে।
তেওঁ দাবী কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত অসমবাসীয়ে ভয় আৰু ভীতি সৃষ্টিৰ ৰাজনীতি প্রত্যাখ্যান কৰিবলৈ সম্পূৰ্ণভাৱে সাজু। গগৈয়ে কয়, “কংগ্ৰেছ ক্ষমতালৈ আহিলে নীতিসমূহ উন্নত কৰা হ’ব আৰু যোগ্য মহিলাসকলে কোনো দলীয় সভাত অংশগ্ৰহণ নকৰাকৈ পোনপটীয়াকৈ নিজৰ বেংক একাউণ্টত সুবিধা লাভ কৰিব।”
কংগ্ৰেছ নেতাজনে লগতে কয় যে অসমীয়া মহিলাই এতিয়া বিজেপি চৰকাৰে দেখুৱাই থকাৰ দৰে কেৱল নিষ্ক্ৰিয় সুবিধাভোগী হৈ থাকিব নিবিচাৰে, বৰঞ্চ আত্মনির্ভৰশীল আৰু আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ আগ্ৰহী। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত যোগ্য মহিলাসকলে অৰুণোদয় আঁচনিত মাহে ১,২৫০ টকা লাভ কৰি আহিছে।
লোকসভাত কংগ্ৰেছৰ উপ-নেতা হিচাপে থকা গগৈয়ে কয় যে এতিয়া অসমবাসীয়ে শান্তিপূৰ্ণ আৰু উন্নত “নতুন বৰ অসম” বিচাৰে। তেওঁ দাবী কৰে, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একছত্ৰী আচৰণক লৈ এতিয়া কাকো ভয় নাথাকে। জনতাই কংগ্ৰেছক খোলা মনৰে স্বাগতম জনাইছে আৰু পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে।”
যাত্ৰাৰ ফাঁকে সাংবাদিকসকলৰ সৈতে কথা পাতি গগৈয়ে ৰাজ্য চৰকাৰক প্ৰখ্যাত সংগীত শিল্পী জুবীন গাৰ্গৰ প্ৰতি অবহেলা কৰা বুলি অভিযোগ কৰে। তেওঁ কয়, চৰকাৰে ‘জুবীন ক্ষেত্ৰ’ৰ সঠিক সংৰক্ষণ আৰু উন্নয়নত কোনো গুৰুত্ব নিদিয়াৰ ফলত পৰিয়ালৰ সদস্য আৰু অনুৰাগীসকলেই নিজে সেই ঠাই পৰিস্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিব লগা হৈছে।
গগৈয়ে কয়, “চৰকাৰে উৰণসেতু আৰু বৃহৎ প্ৰকল্পৰ কথা কয় যদিও জুবীন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিশেষ একো কৰা নাই। এইটো চৰকাৰৰ দায়িত্বহীনতাৰ স্পষ্ট নিদৰ্শন।”
এই সময় পৰিৱৰ্তনৰ যাত্ৰাত অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু লোকসভা সাংসদ প্ৰদ্যুত বৰদলৈসহ কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতা উপস্থিত আছিল।