“হিমন্ত জিন্নাহৰ দৰে” — ভূপেন বৰাৰ দলত্যাগক লৈ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

“হিমন্ত জিন্নাহৰ দৰে” — ভূপেন বৰাৰ দলত্যাগক লৈ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠাৰ মাজতে কংগ্ৰেছ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। প্ৰাক্তন এপিচিচি সভাপতি ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কৰি BJP-ত যোগদান কৰাৰ প্ৰসংগত গগৈয়ে মুখ্যমন্ত্ৰীক “জিন্নাহৰ দৰে বিভাজনকাৰী ৰাজনীতি কৰা নেতা” বুলি মন্তব্য কৰে।

গৌৰৱ গগৈয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই অসমত ভীতি, প্ৰলোভন আৰু চাপ সৃষ্টি কৰি কংগ্ৰেছৰ নেতা-কৰ্মীসকলক BJP-লৈ টানিবলৈ চেষ্টা চলাই আছে। তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মাই অসমত যি ৰাজনীতি কৰিছে, সেয়া বিভাজন আৰু ভীতিৰ ওপৰত আধাৰিত। এই ধৰণৰ ৰাজনীতি জিন্নাহৰ ৰাজনীতিৰ দৰে। তেওঁ মানুহক বিভক্ত কৰি নিজৰ ৰাজনৈতিক লাভৰ পথ মুকলি কৰিব খোজে।”

ভূপেন বৰাৰ দলত্যাগ সন্দৰ্ভত গগৈয়ে কয় যে এইটো কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ বহুদিন ধৰি চলি থকা চাপ আৰু ষড়যন্ত্ৰৰ ফল। তেওঁ অভিযোগ কৰে যে মুখ্যমন্ত্ৰী আৰু BJP নেতৃত্বই চৰকাৰী শক্তিৰ অপব্যৱহাৰ কৰি কংগ্ৰেছৰ ভিতৰত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

“ভূপেন বৰাই কিছুদিন আগতেই মা কামাখ্যা দেৱীৰ আগত শপথ লৈ কৈছিল যে তেওঁ কেতিয়াও BJP-ত যোগদান নকৰিব। কিন্তু হঠাৎ তেওঁৰ এই ৰূপান্তৰে স্পষ্ট কৰিছে যে কিমান ডাঙৰ চাপ আৰু প্ৰলোভনৰ ৰাজনীতি চলি আছে,” গগৈয়ে মন্তব্য কৰে।

গগৈয়ে আৰু কয় যে এই ধৰণৰ ৰাজনীতিয়ে অসমবাসীক বিভ্ৰান্ত কৰিব নোৱাৰে। “মানুহে এতিয়া সকলো বুজি পাইছে। উন্নয়ন, ন্যায় আৰু গণতন্ত্ৰৰ প্ৰশ্নত কংগ্ৰেছ দৃঢ়ভাৱে থিয় হৈ আছে। ভয় দেখুৱাই, তদন্ত সংস্থা ব্যৱহাৰ কৰি বা ব্যক্তিগত স্বাৰ্থৰ ৰাজনীতিৰে অসমক আগবঢ়াব নোৱাৰি,” তেওঁ দৃঢ়তাৰে কয়।

তেওঁ বিজেপিক কটাক্ষ কৰি কয় যে “ক্ষমতাৰ লোভত BJP এতিয়া যিকোনো মূল্যতে ক্ষমতা ধৰি ৰাখিব খোজে, আৰু তাৰ বাবে যিকোনো সীমা পাৰ কৰিবলৈ সাজু।” কিন্তু কংগ্ৰেছ এই ধৰণৰ ৰাজনীতিত বিশ্বাস নকৰে আৰু ৰাইজৰ মাজতেই নিজৰ শক্তি বিচাৰে।

শেষত গগৈয়ে আশাবাদ ব্যক্ত কৰি কয় যে আগন্তুক নিৰ্বাচনত অসমবাসীয়ে বিভাজনৰ ৰাজনীতি নাকচ কৰি উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু গণতান্ত্ৰিক মূল্যবোধক সমৰ্থন কৰিব।

Leave a Comment