‘Pak link’ৰ সৈতে গৌৰৱ গগৈক জড়িত কৰাৰ চেষ্টা অসম মুখ্যমন্ত্ৰীৰ ভুল ৰাজনীতি: প্ৰিয়ংকা গান্ধী

‘Pak link’ৰ সৈতে গৌৰৱ গগৈক জড়িত কৰাৰ চেষ্টা অসম মুখ্যমন্ত্ৰীৰ ভুল ৰাজনীতি: প্ৰিয়ংকা গান্ধী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰ্মসংস্থান আৰু উন্নয়নৰ বিষয়ত কথা ক’বলৈ আহ্বান জনাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই শুকুৰবাৰে তীব্ৰ সমালোচনা কৰি কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কথিত ‘পাকিস্তান সংযোগ’ৰ নামত তেওঁৰ পৰিয়াল আৰু সন্তানক লক্ষ্য কৰি কৰা আক্ৰমণ হৈছে “ভুল আৰু নিকৃষ্ট ৰাজনীতি”।

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক “অসমৰ আত্মাৰ কণ্ঠ” আৰু “ৰাজনীতিৰ ঊৰ্ধ্বত” বুলি অভিহিত কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে জুবিন গাৰ্গৰ প্ৰতিটো গীত আৰু কথাতেই প্ৰেম আৰু ঐক্যৰ বাৰ্তা নিহিত থাকে, যাৰ সৈতে অসমৰ জনতাই গভীৰভাৱে নিজক একাত্ম অনুভৱ কৰে।

অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটীৰ অধ্যক্ষা হিচাপে প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে একাধিক বৈঠক অনুষ্ঠিত কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া সম্পন্ন কৰে আৰু দুদিনীয়া অসম ভ্ৰমণ সামৰি লয়।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ৰাজনীতিত দুবিধ নেতা থাকে — এজন যিয়ে ইতিবাচক ৰাজনীতি কৰে আৰু আনজন যিয়ে বিভাজনৰ ৰাজনীতি কৰে। গৌৰৱ গগৈয়ে প্ৰেম আৰু সদ্ভাৱৰ ৰাজনীতি কৰি আহিছে।”

তেওঁ লগতে কয় যে গৌৰৱ গগৈ এজন ইতিবাচক মনোভাৱৰ নেতা, যিয়ে ৰাজনীতিত সুস্থ পৰিৱেশ গঢ়ি তুলিব বিচাৰে। “গৌৰৱ আৰু তেওঁৰ পৰিয়ালক যি ধৰণে আক্ৰমণ কৰা হৈছে, সেয়া অসম আৰু দেশৰ বাবে ভুল ৰাজনীতিৰ এক উৎকৃষ্ট উদাহৰণ। কোনো ৰাজনৈতিক কাৰণতে কোনো পৰিয়াল বা শিশুক লক্ষ্য কৰি ল’ব নালাগে, বিশেষকৈ যেতিয়া সকলো অভিযোগ মিছা,” তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে এই মাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ আৰু এজন পাকিস্তানী নাগৰিক আলী তৌকীৰ শেখৰ মাজত গভীৰ সংযোগ থকাৰ অভিযোগ উত্থাপন কৰিছিল। লগতে গগৈয়ে পুত্ৰৰ ব্ৰিটিছ নাগৰিকত্বৰ বাবে তেওঁৰ পাছপোৰ্ট সমৰ্পণ কৰাৰ দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে।

এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কয়, “গৌৰৱ সঠিক পথতেই আগবাঢ়িছে, সেইবাবেই এই ধৰণৰ অপমানজনক আক্ৰমণ কৰা হৈছে। শাসকদল তেওঁৰ পৰা ভয় খাইছে।”

তেওঁ লগতে কয়, “অসমৰ জনতাই বুজি পাইছে যে এই আক্ৰমণবোৰ ভয়ৰ ফল। গৌৰৱ এজন সৎ, ইতিবাচক নেতা আৰু অসমবাসীৰ প্ৰকৃত অনুভূতিৰ সৈতে জড়িত এক নতুন ধৰণৰ ৰাজনীতি গঢ়িবলৈ চেষ্টা কৰি আছে।”

জুবিন গাৰ্গৰ বিষয়ে মন্তব্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, “ঘৃণাৰ ৰাজনীতি অসমবাসীৰ প্ৰকৃত অনুভৱ নহয়। সেইবাবেই তেওঁলোকে জুবিন গাৰ্গৰ সৈতে গভীৰভাৱে জড়িত। তেওঁৰ প্ৰতিটো গীতেই প্ৰেম, ঐক্য আৰু সংস্কৃতিৰ কথা কয়।”

মুখ্যমন্ত্ৰীৰ উদ্দেশ্যে তেওঁ কয়, “এই ধৰণৰ ৰাজনীতিৰ সলনি তেওঁ ৰাজ্যৰ উন্নয়ন, আগন্তুক পাঁচ বছৰৰ পৰিকল্পনা আৰু যুৱসমাজৰ কৰ্মসংস্থানের বিষয়ত কথা কোৱা উচিত।”

প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে অসমৰ সম্পদ এটা পৰিয়াল আৰু বৃহৎ উদ্যোগপতিকেইজনৰ হাতলৈ হস্তান্তৰ কৰা হৈছে। “এই সম্পদ আৰু ভূমি অসমৰ জনতাৰ সম্পত্তি। জনতাই এতিয়া সকলো বুজি পাইছে আৰু পৰিৱর্তনৰ সময় আহি পৰিছে,” তেওঁ মন্তব্য কৰে।

তেওঁ অসমবাসীক বিশেষকৈ যুৱসমাজক সজাগ হ’বলৈ আহ্বান জনাই কয় যে ইতিবাচক ৰাজনীতি বাছি লোৱাই সময়ৰ প্ৰয়োজন।

এই ভ্ৰমণকালতে প্ৰিয়ংকা গান্ধীয়ে কোনো ধৰণৰ সংবাদমাধ্যম উপস্থিত নথকাকৈ গুৱাহাটীৰ উপকণ্ঠস্থ সোনাপুৰৰ ‘জুবিন ক্ষেত্ৰ’ শ্মশানভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সময়ত তেওঁৰ সৈতে গৌৰৱ গগৈ, বিৰোধী দলনেতা দেৱব্ৰত সাইকীয়া আৰু এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং উপস্থিত আছিল।

পিছলৈ তেওঁ কয়, “জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধ্বত আছিল। তেওঁ অসমৰ আত্মাৰ কণ্ঠ আছিল। তেওঁৰ প্ৰতিটো গীতেই প্ৰেম, ঐক্য আৰু অসমৰ সংস্কৃতিৰ কথা কয়। এই ধৰণৰ ব্যক্তিত্বক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়।”

Leave a Comment