ডিচেম্বৰ ৬ৰ পৰা কংগ্ৰেছে সামাজিক, পেছাগত আৰু সামুদায়িক ক্ষেত্ৰৰ প্ৰায় ১,০০০টা সংগঠনৰ সৈতে সংলাপ কৰিছে বুলি কংগ্ৰেছৰ দাবী
গুৱাহাটী, ৫ জানুৱাৰী: ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি জোৰদাৰ কৰি অসম কংগ্ৰেছে ৰাজ্যজুৰি এক বিস্তৃত জনসংযোগ অভিযান আৰম্ভ কৰিছে। দলটোৱে দাবী কৰা মতে, এই অভিযানৰ লক্ষ্য হৈছে ওপৰৰ পৰা সিদ্ধান্ত জাপি দিয়া নহয়, বৰং তৃণমূলৰ মতামতৰ আধাৰত এখন “জনতাভিত্তিক” নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা।
জনমত সংগ্ৰহৰ উদ্দেশ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে জিলাসমূহত গৈ নাগৰিক, নাগৰিক সমাজ আৰু স্থানীয় সংগঠনৰ সৈতে প্ৰত্যক্ষ সংলাপ কৰিছে। এই অভিযানৰ নাম দিয়া হৈছে — “ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ”।
সোমবাৰে এপিচিচি সভাপতি গৌৰৱ গগৈয়ে চাৰাইদেউ জিলাত অভিযানৰ নেতৃত্ব দিয়ে। তাত তেওঁ বিভিন্ন সমাজ আৰু স্থানীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰাৰ লগতে দলীয় নেতা-কৰ্মীৰ সৈতে মত-বিনিময় কৰে।
ইফালে, ৰাজ্যৰ অন্য প্ৰান্ততো একে সময়তে এই অভিযান চলি থাকে। বঙাইগাঁও জিলাত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে বিধায়ক আব্দুল বাটিন খণ্ডকাৰ আৰু জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ সৈতে মিলি ইস্তাহাৰৰ বাবে জনমত সংগ্ৰহ কৰে। আনহাতে, পূৰ্বৰ এপিচিচি সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা দল মঙলবাৰে বাক্সা জিলালৈ যোৱাৰ সূচী আছে।
সোমবাৰে এখন সংবাদমেলত নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে এই অভিযানলৈ ৰাইজৰ সঁহাৰি অভূতপূৰ্ব। “আমি ৰাজীৱ ভৱনত বহি খালী প্ৰতিশ্ৰুতিৰে ইস্তাহাৰ বনাব নোখোজো। সেয়ে আমি ৰাইজৰ ওচৰলৈ গৈছো। আমি ভাষণ দিবলৈ নহয়, ৰাইজৰ মনত কি আছে সেয়া শুনিবলৈ গৈছো,” তেওঁ কয়।
বৰদলৈয়ে স্পষ্ট কৰে যে ইস্তাহাৰ দিল্লীত বা বন্ধ দুৱাৰৰ ভিতৰত প্ৰস্তুত কৰা নহ’ব। “অসমে প্ৰকৃততে কি বিচাৰে সেয়া প্ৰতিফলিত কৰিবলৈ আমি দুৱাৰে দুৱাৰে গৈ জনমত সংগ্ৰহ কৰিছো। এই মতামতৰ আধাৰতেই ৰাইজৰ বাবে আৰু ৰাইজৰ দ্বাৰাই ইস্তাহাৰ প্ৰস্তুত কৰা হ’ব,” তেওঁ যোগ কৰে।
ডিচেম্বৰ ৬ তাৰিখৰ পৰা পৰ্যায়ক্রমে আৰম্ভ হোৱা এই অভিযান এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। বৰদলৈয়ে জনায় যে চূড়ান্ত পৰ্যায়ৰ কাৰ্যসূচী ১০ আৰু ১১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব। এই অভিযানৰ সময়ছোৱাত কংগ্ৰেছৰ দাবী অনুসাৰে ৰাজ্যজুৰি সামাজিক, পেছাগত আৰু সামুদায়িক ক্ষেত্ৰৰ ১,০০০ৰো অধিক সংগঠনৰ সৈতে সংলাপ কৰা হৈছে।
“ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ” অভিযানৰ অন্তিম পৰ্যায়ত প্ৰৱেশৰ সৈতে অসম কংগ্ৰেছে ২০২৬ চনৰ নিৰ্বাচনৰ বাবে নিজৰ ইস্তাহাৰক তৃণমূলৰ কণ্ঠস্বৰৰে গঢ়ি তোলাৰ দিশে আগবঢ়া দেখা গৈছে।