ডিব্ৰুগড়ত কংগ্ৰেছৰ ঘোষণা: ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ সৈতে ২০২৬ ৰণনীতি উন্মোচন

ডিব্ৰুগড়ত কংগ্ৰেছৰ ঘোষণা: ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ সৈতে ২০২৬ ৰণনীতি উন্মোচন

ডিব্ৰুগড়ত কংগ্ৰেছৰ সংবাদ মেল: ২০২৬ নিৰ্বাচনৰ পূৰ্বে ‘ৰাইজৰ সৈতে ৰাইজৰ কংগ্ৰেছ’ অভিযানৰ সূচনা

ডিব্ৰুগড়ত অনুষ্ঠিত এখন গুৰত্বপূর্ণ সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে (APCC) আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৰ মূল দিশ, লক্ষ্য আৰু ৰণনীতি সম্বন্ধে বিস্তৃত অভিমত প্ৰকাশ কৰে। সংবাদ মেলখনত উপস্থিত থাকে গৌৰৱ গগৈ, পৱন সিং ঘাটোৱাৰ, প্ৰদ্যুত বৰদলৈ, পৃথ্বী মাজি, প্ৰণতি ফুকন আৰু কংগ্ৰেছৰ বিভিন্ন জ্যেষ্ঠ নেতা।

সংবাদ মেলৰ লগতে কংগ্ৰেছ দলটোৱে ৰাজ্যজুৰি থকা প্ৰায় ৬০টা জাতি জনগোষ্ঠীৰ সংগঠনৰ সৈতে দেখা-সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা, ধাৰণা আৰু আগন্তুক দিনৰ আশাবাদ সংলগ্ন কৰি সংগ্ৰহ কৰাৰ ঘোষণা কৰে।

গৌৰৱ গগৈয়ে চৰকাৰৰ শাসন প্ৰণালীক তীব্ৰ সমালোচনা কৰি কয় —“অসমত এতিয়া যেন ৰাজতন্ত্ৰ চলিছে। দিছপুৰত ৰজা আছে, আৰু যি মন যায় সেই অনুসৰি সিদ্ধান্ত লৈছে। আমি ৰজা হৈ নহয়, ৰাইজৰ প্ৰজা হৈ দেশ আৰু অসমক আগবঢ়াই নিব বিচাৰো।”

তেওঁ যোগ কৰে, জাতীয় কংগ্ৰেছ পাঁচটা বিভাগত ভাগ হৈ সমগ্ৰ ৰাজ্যৰ লোকৰ সমস্যাৰ মূল্যায়ন কৰিছে আৰু আগন্তুক দিনত এই বৈঠক সমূহৰ আধাৰত আগৰ পথ নিৰ্ধাৰিত হ’ব।

সহযোগিতাৰ বিষয়ে গগৈৰ ভাষ্য, “অতি কম দিনৰ ভিতৰতে আলোচনাৰ আধাৰত সিদ্ধান্ত লোৱা হ’ব। ৰাইজৰ মতামত গ্ৰহণ কৰি পৰৱৰ্তী সময়ত দলটোৱে এই দিশত আগবঢ়িব।”

ছয় জনগোষ্ঠীক জনজাতীকৰণৰ দাবীত চৰকাৰে স্থিৰ ভূমিকা ল’ব নোৱাৰাৰ সমালোচনা কৰে গগৈয়ে। তেওঁ কয় —“সকলোৱে কোনো অসুবিধা নোহোৱাকৈ জনজাতী প্ৰতিবেদন দাখিল হ’ব লাগিছিল। কিন্তু চৰকাৰে এতিয়াও স্পষ্টতা দিব নোৱৰা অৱস্থা চিন্তাজনক।”

গৌৰৱ গগৈয়ে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া Post Malone সংগীতানুষ্ঠানৰ আয়োজকৰ বিষয়ে চৰকাৰৰ নীৰৱতা প্রশ্নবিদ্ধ কৰা লগতে কয় —“আঠ তাৰিখে Post Malone অনুষ্ঠানৰ দিন ঘোষণা হ’ল, কিন্তু জুবিন গাৰ্গ সম্বন্ধীয় ন্যায়ৰ দিনটো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰিলে। ৰাইজে প্ৰশ্নৰ উত্তৰ পাবই লাগিব।”

বৃন্দাবনী বস্ত্ৰৰ দিশটে উল্লেখ কৰি গগৈয়ে কয় —“যদি নিৰ্বাচনৰ আগতে চৰকাৰে বৃন্দাবনী বস্ত্ৰ অসমলৈ আনিব পাৰে, তেন্তে কিছুদিন বৰপেটাত সেই বস্ত্ৰ প্রদৰ্শনৰ ব্যৱস্থা কৰিব লাগে।”

কংগ্ৰেছ শীঘ্ৰে “ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ” নামেৰে ৰাজ্যজুৰি এক প্ৰয়াস যাত্ৰা আৰম্ভ কৰিব। ৰাইজৰ ঘৰ-দ্বাৰত যাই সমস্যাৰ তালিকা বনোৱা আৰু সমাধানৰ পথ মোহৰা দিয়া এই অভিযানৰ লক্ষ্য।

দলটোৱে ঘোষণা কৰে, অসমজুৰি অভিযোগ বাকচ স্থাপন কৰা হ’ব আৰু অনলাইন অভিযোগ পোর্টাল আৰম্ভ হ’ব। ৰাইজে অনলাইন বা অফলাইন উভয় মাধ্যমতে নিজৰ অভিযোগ, পৰামৰ্শ আৰু দাবি সমূহ জমা দিব পাৰিব।

Leave a Comment