জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত হিমন্ত বিশ্বৰ মিথ্যাচাৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত হিমন্ত বিশ্বৰ মিথ্যাচাৰ

শেহতীয়াকৈ চৰ্চাত থকা ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। স্বতন্ত্ৰ সংবাদ প’ৰ্টেল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ দাবী অনুসৰি, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত হৈ পৰা এই হাই-প্ৰফাইল অনুষ্ঠানৰ মূল উদ্যোক্তা আছিল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (Ministry of External Affairs – MEA)।

প্ৰকাশিত বাতৰি অনুসৰি, এই ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰস্থিত ভাৰতীয় উচ্চায়োগ। মন কৰিবলগীয়া যে এই মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। বাতৰি অনুসৰি, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত লুটি বাগৰ মৰা মন্তব্য কৰি আহিছে মন্তব্য কৰি আহিছে। কিন্তু প্ৰাপ্ত তথ্যই ইয়াৰ বিপৰীত ছবি দাঙি ধৰিছে।

ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত ড° ছিলপাক আম্বুলে যোৱা ২৯ এপ্ৰিলতে এই ফেষ্টিভেল সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিব। উচ্চায়ুক্তই তেওঁৰ পত্ৰত মুখ্যমন্ত্ৰী শৰ্মাক উদ্বোধনী অনুষ্ঠানত চৰকাৰী বিষয়ববীয়া, উদ্যোগী, ব্যৱসায়ী আৰু সাংস্কৃতিক গোষ্ঠীৰ সৈতে উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনাইছিল।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, একেখন পত্ৰতে ৰাজ্য চৰকাৰক ফেষ্টিভেলৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনোৱা হৈছিল। ২৯ এপ্ৰিলত এই পত্ৰ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়টো আলোচনাৰ বাবে মুখ্য সচিবলৈ পত্ৰখন প্ৰেৰণ কৰি তাত হাতেৰে “প্লিজ স্পীক” (অনুগ্রহ কৰি আলোচনা কৰক) বুলি টোকা লিখে। এইটোৱে প্ৰমাণ কৰে যে এই ফেষ্টিভেল সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মা স্পষ্টভাৱে জ্ঞাত আছিল।

পৰৱৰ্তী সময়ত, ১১ মে’ত মুখ্য সচিব ৰবি কোটাই পত্ৰখন ‘এক্ট ইষ্ট পলিচী বিভাগ’ৰ সচিবলৈ প্ৰেৰণ কৰে আৰু নিজৰ টোকাত তেওঁক “অনুগ্ৰহ কৰি বৈদেশিক মন্ত্ৰালয়লৈ লিখক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক” বুলি নিৰ্দেশ দিয়ে।

এই সমগ্ৰ বিষয়টোৱে নিশ্চিত কৰিছে যে জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা ফেষ্টিভেলৰ প্ৰধান পৃষ্ঠপোষকতা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েই কৰিছিল আৰু অসম চৰকাৰক এপ্ৰিল মাহতেই অৱগত কৰা হৈছিল।

ইফালে, সংবাদ প’ৰ্টেলটোৱে দাবী কৰিছে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ফেষ্টিভেল সন্দৰ্ভত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে। ‘দ্য ক্ৰছকাৰেণ্ট’য়ে জনোৱা অনুসৰি, মন্ত্ৰালয়ে বিষয়টো তদন্তাধীন বুলি কৈ আৰটিআই (RTI) আবেদন নাকচ কৰিছে। অৱশ্যে, সংবাদ মাধ্যমটোৱে অসম চৰকাৰৰ ‘এক্ট ইষ্ট পলিচী এফেয়াৰ বিভাগ’ৰ পৰা আৰটিআইৰ অধীনত ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা মূল পত্ৰখন লাভ কৰিবলৈ সক্ষম হৈছে।

এই সমগ্ৰ ঘটনাক্ৰমে প্ৰমাণ কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী আৰু ৰাইজৰ ৰোষত পৰাৰ ভয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত তথ্য গোপন কৰাৰ বা মিথ্যাচাৰৰ আশ্ৰয় লৈছে বুলি সংবাদ প্ৰতিস্থানটোৱে অভিযোগ কৰিছে।

Leave a Comment