পুনৰ ৰাষ্ট্ৰীয় সংগীতক লৈ বিতৰ্কিত মন্তব্য কৰিছে এগৰাকী বিজেপি সাংসদে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত সন্দৰ্ভত ভুল তথ্য দাঙি ধৰি বিপদত পৰিছে এইগৰাকী বিজেপি নেতা। কৰ্ণাটকৰ বিজেপিৰ সাংসদ বিশ্বেশ্বৰ কাগেৰীয়ে দাবী কৰিছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন‘ ব্ৰিটিছ বিষয়াক আদৰণি জনাবৰ বাবে লিখা হৈছিল।
তেওঁৰ মতে, দেশৰ ৰাষ্ট্ৰীয় সংগীত হ’ব লাগিছিল ‘বন্দে মাতৰম’। তেওঁ মন্তব্যই এতিয়া দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছে।
তেওঁৰ বক্তব্যৰ পিছতে কৰ্ণাটকৰ শাসকীয় কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেই কৈছে যে এইবোৰ আৰ এছ এছৰ হোৱাটছএপ ইউনিভাৰ্চিটিৰ জ্ঞান প্ৰচাৰ কৰা হৈছে।
খাৰ্গেই কয় যে এই গীতটো ব্ৰিটিছ ৰাজতন্ত্ৰৰ প্ৰতি সন্মানৰ বাবে গোৱা হোৱা নাছিল। আৰ এছ এছক আক্ৰমণ কৰি খাৰ্গে দাবী কৰে যে সংগঠনটোৰ ‘সংবিধান, ত্ৰিৰংগ আৰু জাতীয় সংগীতক অসন্মান কৰাৰ ইতিহাস’ আছে।
তেওঁ আৰু কয়, ‘এই ভাইৰাছটোৰ পৰা দেশক আৰোগ্য কৰাটো প্ৰয়োজন। ১৯১১ চনৰ ১১ ডিচেম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল এই গীতটো। তাৰ কিছু সময়ৰ পিছতে জৰ্জ পঞ্চমৰ উপস্থিতিত ক’ৰনেশ্যন পাৰ্কত দিল্লী দৰবাৰৰ আয়োজন কৰা হয়। কিন্তু ১৯১১ চনৰ ২৮ ডিচেম্বৰত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল এই গীতটো। ১৯১২ চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা দিৱসতো গোৱা হৈছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে পিছলৈ নিজেই এই বিষয়ত সকলো সন্দেহ দূৰ কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে এই গীতটো ইংৰাজৰ বাবে লিখা হোৱা নাছিল।
ৰাষ্ট্ৰীয় সংগীতকো অপমান কৰিবলৈ নেৰিলে বিজেপি নেতাই