নানা ধৰণৰ নিকৃষ্ট ৰাজনীতি কৰিও বৰ্তমান জনপ্ৰিয়তা কমিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ এনে পৰিস্থিতিত হিমন্ত বিশ্বক সন্মুখত লৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ২০২৬ ৰ নিৰ্বাচন খেলিব বিচৰা নাই বুলিও চৰ্চা চলিছে৷ সমান্তৰালভাৱে ,বিজেপিয়ে যিকোনো মুহূৰ্ততে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পাৰে বুলিও মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ সুষমিতা দেৱৰ৷ সোমবাৰে শ্ৰীভূমিত এই মন্তব্য সাংসদগৰাকীৰ৷
তেওঁ কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত দাখিল কৰা গোচৰটোত চাৰ্জশ্বীট দাখিল কৰিলেই যথেষ্ট নহয়। লগতে উপযুক্ত তথ্য আৰু প্ৰমাণ দিব লাগে, প্ৰমাণ অবিহনে চাৰ্জশ্বীট দাখিল কৰিলে কোনো লাভ নাই বুলি মন্তব্য কৰে সুস্মিতা দেৱে।
নিৰ্বাচনৰ ক্ষেত্ৰত শ্ৰীভূমিৰ পৰিস্থিতিৰ সন্দৰ্ভত তেওঁ কয় যে, বিজেপি নেতাসকলে এতিয়া কেৱল নিৰ্বাচনী টিকট ল’বলৈহে সভা পাতে৷ মানুহে তেওঁলোকৰ সভালৈ আহিব নিবিচাৰে বাবে বিজেপিয়ে অৰুণোদয়, আত্মসহায়ক গোটৰ ধন বিতৰণৰ কথা কৈ মানুহক সংগঠিত কৰিছে। বিজেপিক সমালোচনাৰ সমান্তৰালভাৱে শ্ৰীভূমি জিলাৰ এৰালিগুল, বিনোদিনী,উষাৰানী এলাকাৰ ভূমিহীন ৰাইজৰ পট্টা প্ৰদানৰ দাবীত উলিওৱা সমদলত অংশগ্ৰহণ কৰে তৃণমূল কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে।