নগাৰ ওচৰত নিষ্ক্ৰিয় চৰকাৰ! চৰকাৰৰ অমনোযোগীতাৰ বাবেই উৰিয়ামঘাটত আক্ৰমণৰ বলি অসমীয়া

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট অঞ্চলত যোৱা ২৯ অক্টোবৰত নগা দুষ্কৃতিকাৰীৰ আক্ৰমণ সংঘটিত হয়৷। অসম চৰকাৰ আৰু সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত উদাসীনতা আৰু পক্ষপাতিত্ব প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
শেহতীয়া তথ্য অনুসৰি, দুষ্কৃতিকাৰীসকলে সদ্য উচ্ছেদ কৰা অঞ্চলত অসম চৰকাৰে ৰোপণ কৰা হাজাৰ হাজাৰ উৰিয়াম পুলি কাটি পেলায়। উৰিয়ামঘাট সোণাৰিবিল অঞ্চলত বন বিভাগে ৰোপণ কৰা গছ-গছনিও ধ্বংস কৰা বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে এই ঘটনাৰ সৈতে নাগালেণ্ড প্ৰশাসনৰ বিষয়াসকল প্ৰত্যক্ষভাৱে জড়িত। সীমান্তৱৰ্তী অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন, মাটি আৰু সম্পত্তি সুৰক্ষিত কৰাত ৰাজ্য প্ৰশাসন ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা সংগথন সমূহে। দৰাচলতে চৰকাৰে সুৰক্ষা ব্যৱস্থা গঢ়ি নুতুলি সুযোগ দিয়াৰ বাবেই সংঘটিত হয় এনেবোৰ ঘটনা৷
উল্লেখ্য যে ব্যাপক প্ৰতিবাদ আৰু জনতাৰ ক্ষোভৰ বাবে ৩০ অক্টোবৰত ১৪২ চি আৰ পি এফৰ ছেক্টৰ কমাণ্ডেণ্ট ইউইথুলিউ নিউমাইক বদলি কৰা হয়। এই পদক্ষেপে নিৰাপত্তা বাহিনীৰ ভূমিকাক লৈ উত্থাপিত অভিযোগসমূহক অধিক গুৰুত্ব প্ৰদান কৰিছে।
ছাত্ৰ নেতাসকলে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্তৃপক্ষ উভয়কে আন্তঃৰাজ্যিক সীমান্তত স্থায়ী শান্তি নিশ্চিত কৰিবলৈ আহ্বান জনাই আৰু চৰকাৰৰ এনে উদাসীনতাই অঞ্চলটোত অধিক অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।
বৰ্তমান মুখ্যমন্ত্ৰীৰ পদত থকাৰ উপৰিও গৃহ বিভাগৰ দায়িত্ব থকা হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীনতাৰ বাবেই বাৰে বাৰে সীমান্তৱৰ্তী অঞ্চলত নগাৰ আক্ৰমণৰ বলি হ’বলগীয়া হয় ৰাইজ৷কিন্তু কিয় তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি অসম চৰকাৰৰ ইমান অনীহা সেইয়া এক প্ৰশ্নবোধক

Leave a Comment