গুৱাহাটী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমলৈ ঘন ঘন আগমনক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে পুনৰ তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ মতে, ৰাজ্যখনত বিজেপিৰ ৰাজনৈতিক ভেটি ক্ৰমে দুৰ্বল হৈ পৰিছে আৰু জনসমৰ্থন হ্ৰাস পাইছে বাবেই দলটোৱে প্ৰধানমন্ত্ৰীক বাৰে বাৰে অসমলৈ আহিবলৈ বাধ্য কৰিছে।
এপিচিচিৰ নেতাসকলে কয় যে বিগত বছৰবোৰত বিজেপি চৰকাৰে দিয়া বহু প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, কৃষক আৰু চাহ শ্ৰমিকৰ দুৰৱস্থা, ভূমি অধিকাৰ, জনজাতীয় সমস্যাসমূহ আৰু আইন-শৃংখলাৰ অৱনতিয়ে ৰাজ্যবাসীক গভীৰ হতাশাত পেলাইছে। এই বাস্তৱ সমস্যাবোৰৰ উত্তৰ দিব নোৱাৰি বিজেপিয়ে প্ৰচাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে বুলি কংগ্ৰেছে অভিযোগ কৰে।
কংগ্ৰেছৰ মতে, প্ৰধানমন্ত্ৰীৰ প্ৰতিটো সফৰতে ডাঙৰ ডাঙৰ সভা, উদ্বোধন আৰু ঘোষণাৰ কথা কোৱা হয় যদিও সেইবোৰৰ মাটিত প্ৰভাৱ দেখা নাযায়। জনতাৰ জীৱনত কোনো স্থায়ী পৰিৱর্তন নাহে, মাথোঁ প্ৰচাৰৰ ৰাজনীতি চলি আছে বুলি এপিচিচিয়ে মন্তব্য কৰে। “যদি বিজেপি অসমত শক্তিশালী আৰু আত্মবিশ্বাসী হ’লেহেঁতেন, তেন্তে প্ৰধানমন্ত্ৰীক বাৰে বাৰে আহি দলীয় কাৰ্যসূচী জীয়াই ৰাখিব লাগিলেহেঁতেন নে?” বুলি কংগ্ৰেছে প্ৰশ্ন তোলে।
এপিচিচিয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ ঘন ঘন সফৰে বিজেপিৰ ভিতৰৰ ভয়, অনিশ্চয়তা আৰু নেতৃত্বৰ অভাৱ স্পষ্ট কৰি তুলিছে। ৰাজ্য চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ আৰু দলীয় কৰ্মীসকলক মনোবল যোগাবলৈহে মোদীৰ ব্যক্তিগত জনপ্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে বুলি কংগ্ৰেছে অভিযোগ কৰে।
কংগ্ৰেছৰ মতে, অসমৰ জনতাই এতিয়া শ্লোগান, প্ৰচাৰ আৰু অনুষ্ঠানৰ পৰা আগবাঢ়ি বাস্তৱ উন্নয়ন, সামাজিক ন্যায় আৰু বিশ্বাসযোগ্য নেতৃত্ব বিচাৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যবাসীয়ে বিজেপিৰ এই “প্ৰচাৰ-নির্ভৰ ৰাজনীতি”ৰ যোগ্য উত্তৰ দিব আৰু এক জনমুখী, দায়িত্বশীল চৰকাৰ গঠন কৰিব বুলি কংগ্ৰেছে দৃঢ় বিশ্বাস প্ৰকাশ কৰে।