নাজিৰা, ২৮ ফেব্ৰুৱাৰী: ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে শনিবাৰে ডিমৌ, নাজিৰা আৰু শিৱসাগৰ সমষ্টীসমূহত “সময় পৰিবৰ্তনৰ মাটি বচাওক, জাতি বচাওক যাত্ৰা” আয়োজন কৰে। এই যাত্ৰাত দলৰ কৰ্মী আৰু সমৰ্থকসকলৰ ব্যাপক অংশগ্ৰহণ দেখা যায়।
অনুষ্ঠানত উপস্থিত আছিল এপিচিচি সভাপতি তথা সাংসদ গৌৰৱ গগৈ, জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া, অজয় কুমাৰ গগৈ, প্ৰদ্যুত বৰদলৈ, ভাস্কৰ বৰুৱা সহ বহুতো দলীয় কৰ্মকৰ্তা।
সভাত ভাষণ দি গৌৰৱ গগৈয়ে কয় যে আগন্তুক দিনত কংগ্ৰেছ চৰকাৰ গঠন হ’লে প্ৰখ্যাত সংগীতশিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় নিশ্চিত কৰা হ’ব। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে “জুবিন ক্ষেত্ৰ”ৰ উন্নয়ন আৰু নিৰ্মাণকাৰ্য এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই আৰু কামৰ গতি অতি ধীৰ।
গগৈয়ে লগতে মন্তব্য কৰে যে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ আদৰ্শ জনসাধাৰণৰ মাজত জীৱন্ত কৰি ৰাখিব নোখোজে। ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে সম্ভাৱ্য বুজাবুজিৰ বাবে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰা প্ৰস্তাৱৰ অপেক্ষাত আছে কংগ্ৰেছ।