নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ২৬ ফেব্ৰুৱাৰীত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ বিষয়ে দৃঢ় আশাবাদ ব্যক্ত কৰে। শাসনাধীণ বিজেপিৰ বিৰুদ্ধে জনসাধাৰণৰ অসন্তোষ ক্ৰমাৎ বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে।
মাৰ্ঘেৰিটাস্থিত নিজ বাসগৃহত সাংবাদিকৰ সৈতে কথা পাতি বৰদলৈয়ে কয়, “বিগত ৬–৭ মাহ ধৰি কংগ্ৰেছ দলে বুথ পৰ্যায়ত সংগঠন শক্তিশালী কৰাৰ বাবে একাগ্ৰতাৰে কাম কৰি আহিছে। বিভিন্ন মাধ্যম আৰু কাৰ্যসূচীৰ জৰিয়তে আমি জনসাধাৰণৰ আগত গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰি আহিছোঁ।”
৮৩ নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ৰাজনৈতিক গুৰুত্বৰ কথা উল্লেখ কৰি বৰদলৈয়ে কয় যে এই অঞ্চলত কংগ্ৰেছৰ জনভিত্তি এতিয়াও অটুট আছে। “মাৰ্ঘেৰিটাই সদায় গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিৰ পক্ষ লৈ আহিছে। ইয়াৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু ২০২৬ চনত উপযুক্ত উত্তৰ দিব। এইবাৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বহু সম্ভাৱনাময় প্ৰাৰ্থী আগবাঢ়ি আহিছে,” তেওঁ কয়।
মাৰ্ঘেৰিটাৰ চাৰিবাৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী আৰু দুবাৰ লোকসভা সাংসদ হোৱা বৰদলৈয়ে দাবী কৰে যে উপৰ অসম আৰু চাহবাগিচা অঞ্চলসমূহত কংগ্ৰেছে সংগঠন অধিক শক্তিশালী কৰি তুলিছে আৰু ঐক্যবদ্ধভাৱে স্পষ্ট দৃষ্টিভংগীৰে ২০২৬ চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। “আমি পুনৰ মানুহৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ প্ৰকৃত সমস্যাসমূহ সমাধানৰ চেষ্টা কৰি আছোঁ। কংগ্ৰেছ সম্পূৰ্ণ প্ৰস্তুত,” তেওঁ দৃঢ়তাৰে কয়।
আগন্তুক বিধানসভা নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে নিৰ্ণায়ক হ’ব বুলি উল্লেখ কৰি বৰদলৈয়ে কয় যে ভোটাৰে বিভাজনমূলক ৰাজনীতিৰ সলনি উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু সংবিধানিক মূল্যবোধকেই বাছনি কৰিব।