বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতা বৃদ্ধি; APCCৰ সামাজিক মাধ্যম বিভাগৰ নতুন দায়িত্ব ঘোষণা

বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতা বৃদ্ধি; APCCৰ সামাজিক মাধ্যম বিভাগৰ নতুন দায়িত্ব ঘোষণা

গুৱাহাটী: আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)য়ে নিজৰ সংগঠনিক তৎপৰতা অধিক তীব্ৰ কৰি তুলিছে। এই প্ৰেক্ষাপটত দলটোৱে সামাজিক মাধ্যম বিভাগৰ নতুন দায়িত্ব প্ৰদান কৰিছে।

APCCৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ হিচাপে ঋতুপৰ্ণ কোঁৱৰক দায়িত্ব দিয়া হৈছে। লগতে বৰ্ণালী ফুকন আৰু অমন ৱাডুডক এই বিভাগৰ সহকাৰী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

দলীয় সূত্ৰৰ মতে, আগন্তুক নিৰ্বাচনত সামাজিক মাধ্যমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হোৱাত, ডিজিটেল মঞ্চত কংগ্ৰেছৰ বক্তব্য, নীতি-কাৰ্যসূচী আৰু সংগঠনিক কাৰ্যকলাপ অধিক সুসংগঠিত আৰু শক্তিশালীভাৱে জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এই নিযুক্তিসমূহ কৰা হৈছে।

নতুন নেতৃত্বৰ অধীনত সামাজিক মাধ্যম বিভাগে ফেচবুক, এক্স (টুইটাৰ), ইনষ্টাগ্ৰাম, হোৱাটছএপ আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মত কংগ্ৰেছৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে দলীয় বাৰ্তা তৃণমূল পৰ্যায়লৈকে প্ৰসাৰিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

কংগ্ৰেছ নেতৃত্বই বিশ্বাস প্ৰকাশ কৰিছে যে ঋতুপৰ্ণ কোঁৱৰ, বৰ্ণালী ফুকন আৰু অমন ৱাডুডৰ সমন্বিত প্ৰচেষ্টাই আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ ডিজিটেল প্ৰচাৰ আৰু জনসংযোগ কাৰ্যত নতুন গতি প্ৰদান কৰিব।

Leave a Comment